Breaking

বাঘবৰৰ এখন আজৱ কাঠৰ দলং

0 1,028

দক্ষিণ বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ অন্তৰ্গত আলোপতি ফকিৰপাৰাৰ এখন বিধ্বস্ত কাঠৰ দলঙে যাতায়তৰ  নামত নৰক যন্ত্ৰণাত ভুগাইছে ৰাইজক। জানিব পৰা মতে প্ৰায় এবছৰ পূৰ্বে নিৰ্মাণ কৰিছিল দলং খন। ৩০ লক্ষ্যাধিক টকা ব্যয় সাপেক্ষ এবছৰ পূৰ্বে নিৰ্মাণ কৰা দলঙৰ ওপৰেদি পাৰাপাৰ হব নোৱাৰে সাধাৰণ পথচাৰীয়ে ।ৰাইজৰ অভিযোগ অনুসৰি ঠিকাদাৰৰ হেমাহিৰ বাবেই দলং হৈ পৰিল মৰণফান্দ ।

আশ্চৰ্যকৰ ভাবে ৩০ লক্ষাধিক টকা ব্যয়সাপেক্ষ নিৰ্মাণ কৰা দলং খনৰ দৈৰ্ঘ মাথো ২০ মিটাৰ মান হে হব ।মিটাৰ প্ৰতি প্ৰায় ডেৰ লাখকৈ টকা ব্যয় কৰি ঠিকাদাৰ মিজানুৰ ৰহমানে ৰাইজলৈ উপহাৰ দিছে এইখন মৰণফান্দ সদৃশ দলং । অতি নিম্ন মানৰ দলং নিৰ্মাণৰ বাবেই এম্বুলেন্স কিম্বা অইন যান-বাহন বাদেই দিয়ক পাৰাপাৰ কৰিব নোৱাৰে সাধাৰণ বাইক এখনো।সাধাৰণ পথচাৰীৰ লগতে স্কুলীয়া ছাত্ৰ-ছাত্ৰীয়েও দলং খনেৰে পাৰাপাৰ হ’ব লাগে খুপি-খুপি, মৰণক শৰণ দি নিতৌ পাৰাপাৰ হবলগীয়া হৈছে সহস্ৰজন। ৰাইজে বাৰম্বাৰ ঠিকাদাৰক আবেদন-নিবেদন কৰা স্বত্বেও গা নলৰিল খামীডাঠ ঠিকাদাৰৰ।

Leave A Reply