Breaking

অৱশেষত শ্বহীদক অপমান কৰা বাঘবৰৰ বিধায়ক শ্বেৰমান আলিক গ্ৰেপ্তাৰ

0 1,598

বিধায়ক শ্বেৰমান আলীয়ে অস্তিত্ব ৰক্ষাৰ আন্দোলনৰ শ্বহীদক অপমান কৰাত ৰাজ্যবাসী ক্ষোভত ফাটি পৰাৰ সময়তে অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বিতৰ্কিত শ্বেৰমানক৷ বিধায়ক শ্বেৰমান আলীক বিধায়ক আৱাসৰ পৰা গ্ৰেপ্তাৰ কৰে গুৱাহাটী আৰক্ষীয়ে৷ শ্বহীদক অপমান কৰা গোচৰত দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে৷ দিছপুৰৰ বিধায়ক আৱাসৰ পৰা গ্ৰেপ্তাৰ বিধায়কগৰাকীক৷ বিধায়কক গ্ৰেপ্তাৰৰ দাবীত প্ৰতিবাদ কৰিছিল দল-সংগঠনে৷ ৰাজ্যৰ কেইবাখনো আৰক্ষী থানাত এজাহাৰ দাখিল হৈছিল৷ হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাই দাখিল কৰিছিল এজাহাৰ৷ যোৰহাট জিলা ছাত্ৰ সন্থাও দাখিল কৰিছিল এখন এজাহাৰ৷ যোৱা দুটা দিনত ৰাজ্যবাসীয়ে ৰাজপথলৈ ওলাই আহি বিধায়ক শ্বেৰমানৰ বিৰুদ্ধে লেইলেই-ছেইছেই ধ্বনি দিছিল৷ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বিধায়কৰ শ্বেৰমানৰ প্ৰতিকৃতি জ্বলাইছিল দল-সংগঠনে৷ শ্বহীদক অপমান কৰাত উজনি-নামনিত শ্বেৰমানৰ প্ৰতিকৃতি দাহ কৰি অসমীয় জাতিৰ স্বাভিমানক লৈ ৰাজনীতি নকৰিবলৈ সকীয়নি দিছিল শ্বেৰমানক৷ শীঘ্ৰে কংগ্ৰেছৰ বিধায়ক চেৰমান আলিক গ্ৰেপ্তাৰ দাবী উত্থাপন কৰাৰ সময়তে আজি কিছু সময় পূৰ্বে গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে৷ দিছপুৰ আৰক্ষী থানালৈ নি সোধ-পোছ কৰা হ’ব৷ বাঘবৰৰ কংগ্ৰেছী বিধায়ক চেৰমান আলিয়ে অসম আন্দোলনৰ দৰঙৰ ১১ জন শ্বহীদক অপমান কৰি দিয়া বক্তব্যক তীব্ৰ বিৰোধিতা কৰিছে বিভিন্ন দল-সংগঠনে। বৃহস্পতিবাৰে নলবাৰী, বাক্সাৰ গোৰেশ্বৰ, নগাঁও, ধেমাজি, মৰাণ, মঙলদৈত প্ৰতিবাদ সাব্যস্ত কৰিছিল দল-সংগঠনে৷ বাঘবৰৰ বিধায়ক শ্বেৰমান আলীয়ে অসমৰ অস্তিত্ব ৰক্ষাৰ আন্দোলনৰ শ্বহীদক ঘাতক আৰু মিঞাৰ হত্যাকাৰী আখ্যা দিয়াত ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ চেষ্টা হৈছে৷ বিধায়ক হৈ পবিত্ৰ শ্বহীদক অপমান আৰু হত্যাকাৰীক সমৰ্থন কৰা কাৰ্যত ৰাজ্যত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ ঢলপুৰৰ খিলঞ্জীয়াৰ ভূমি তথা শিৱ মন্দিৰৰ ভূমি উচ্ছেদ মুক্ত কৰাৰ পিছতে একাংশ লোক সৰৱ হৈ পৰিছে৷ উচ্ছেদিত লোক আৰু আৰক্ষীৰ মাজত হোৱা সংঘৰ্ষত দুজন লোক নিহত হৈছে৷ আৰক্ষীসহ ৮জনকৈ লোক আহত হৈছে৷ ইয়াৰ পিছতে একাংশ লোকে অসমীয়া জাতিক অপমান কৰি মন্তব্য প্ৰদান কৰি গৈছে৷ অসম আন্দোলনৰ মঙলদৈৰ শ্বহীদ দয়ানন্দ শৰ্মা হ’ত শ্বহীদ নহয় তেওঁলোক ঘাতক আছিল বুলি কয়৷ স্বীকৃতি প্ৰাপ্ত শ্বহীদ প্ৰাক্তন মন্ত্ৰী তথা আছুৰ প্ৰাক্তন নেতা জয়নাথ শৰ্মা ভাতৃ শ্বহীদ হৈছিল ঢলপুৰ এলেকাত৷ ঢলপুৰ এলেকাত অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে অভিযান চলোৱাৰ সময়তে পুনৰ অসম আন্দোলনৰ কথা চৰ্চিত হ’ব ধৰিছে৷ তাৰ মাজতে এদিন পূৰ্বে অসম আন্দোলনৰ শ্বহীদক অপমান কৰি তীৰ্ক মন্তব্য দিয়ে কংগ্ৰেছৰ বিধায়ক শ্বেৰমান আলী আহমেদে৷ মিঞাই প্ৰাণ ৰক্ষা কৰিবলৈহে ৮ ঘাতত মাৰিছিল বুলি কৈছিল শ্বেৰমানে৷ ঢলপুৰৰ উচ্ছেদক অসাংবিধানিক বুলি কৈ শ্বেৰেমানে কৈছিল কাৰো শাসন চিৰস্থায়ী নহয়, পুনৰ বিচাৰ হলে কি হ’ব ভাবক৷ উচ্ছেদ কৰি যিসকলে অন্যায় কৰিছে তেওঁলোকক ফাঁচী কাঠত ওলোমাবলৈ প্ৰয়াস কৰিম৷ শ্বেৰমানে কয় যে চৰকাৰৰ দায়িত্ব হৈছে মৈলিক অধিকাৰ ৰক্ষা কৰা৷ ঘৰৰ ওপৰতা ছালি এটা দিয়া মৌলিক অধিকাৰ৷ মানুহক উচ্ছেদ কৰাৰ পূৰ্বে সংস্থাপন দিব লাগে৷ চৰকাৰে ৰাজধৰ্ম পালন কৰা নাই বুলি অভিযোগ৷ ইমানতে ক্ষান্ত নাথাকি শ্বেৰমানে কয় যে ১৯৮৩ত মিঞা মানুহ মানুহ মাৰিবলৈ গৈছিল দয়ানাথ শৰ্মা আৰু ৮ জনে৷ বহু মিঞা মানুহ মৰিছিল৷ মিঞা মানুহে আত্মৰক্ষাৰ বাবে তেওঁলোকক হত্যা কৰিছিল৷ এনে ঘাতকসকলক মাৰিবই লাগে বুলি কয় শ্বেৰমানে৷

Leave A Reply