Breaking

হাজোৰ বিষ্ণুপুৰত “বহাগী উৎসৱ” উদযাপন

0 123

হাজোৰ বিষ্ণুপুৰস্থিত অগ্ৰণী শৈক্ষিক প্ৰতিষ্ঠান মৰ্ডান ইংলিছ মিডিয়াম হাইস্কুলত দিনযোৰা বৰ্নাঢ্য কাৰ্যসূচীৰে “বহাগী উৎসৱ” উদযাপন ।

এতিয়া বিহুৰ বতৰ। ৰাজ্যৰ চৌদিশে ৰঙালী বিহু উদযাপনৰ ব্যপক উচ্ছাহ উদ্দীপনা । পিছপৰি থকা নাই তীৰ্থনগৰী হাজো। সমগ্ৰ ৰাজ্যৰ সমান্তৰালকৈ কামৰূপ জিলাৰ হাজো ৰাজহচক্ৰৰ অন্তৰ্গত বিষ্ণুপুৰস্থিত ইংৰাজী মাধ্যমৰ ব্যক্তিগতখণ্ডৰ অগ্ৰণী শৈক্ষিক প্ৰতিষ্ঠান মৰ্ডান ইংলিছ মিডিয়াম হাইস্কুলত কণ কণ শিশুসকলৰ মাজত দিনযোৰা বৰ্নাধ্য কাৰ্যসূচীৰে “বহাগী উৎসৱ” উদযাপনকৰা হ’য়।

মৰ্ডান ইংলিছ মিডিয়াম হাইস্কুল কৰ্তৃপক্ষ,সমূহ শিক্ষক শিক্ষয়ত্ৰী,ছাত্ৰ-ছাত্ৰী ও অভিভাৱক বৃন্দৰ যুটীয়া উদ্যোগত প্ৰায় দুবছৰ কভিদকালীন পৰিবেশৰ অন্তত উদযাপন কৰা “বহাগী উৎসৱ”ত বিদ্যালয়খনৰ প্ৰায় শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহন কৰা পৰিলক্ষিত হৈছে। ছাত্ৰ ছাত্ৰীসকলে পৰম্পৰাগত সাজ পাৰ পিন্ধি উদযাপন কৰিছে হেঁপাহৰ ৰঙালী বিহুঁটি ।ঢোল পেঁপা গগনাৰ শব্দত ৰজনজনাই উঠিছে বিদ্যালয়ৰ চৌহদ। ব্যস্ত হৈ পৰিছে বিদ্যালয়ৰ শিক্ষক শিক্ষয়ত্ৰী সকলো। উছাহৰ যেন অন্ত নাই ।

ছাত্ৰ- ছাত্ৰী সকলক শ্ৰেণীগত শিক্ষাৰ লগতে অসমীয়াৰ স্বাভিমান অসমীয়া কৃষ্টি সংস্কৃতি জাতীয় উৎসৱ পৰম্পৰা “বিহু” ৰ সৈতে নতুন প্ৰজন্মৰ সৈতে চিনাকী কৰি দিয়াৰ উদ্দেশ্য আজিৰ “বহাগী উৎসৱ” অনুষ্ঠানটি উদযাপন কৰা হ’য় বুলি উল্লেখ কৰে বিদ্যালয়ৰ অধ্যক্ষ জয়দ্বীপ মজুমদাৰে। তদুপৰি পৰম্পৰা ৰক্ষাৰ্থে প্ৰতি বছৰেই মৰ্ডান ইংলিছ মিডিয়াম হাইস্কুলত এইদৰে ৰঙালী বিহুটি উদযাপন কৰা হ’য় বুলি উল্লেখ কৰে বিদ্যালয় পৰিচালনা কমিটিৰ সভাপতি অনিল চন্দ্ৰ দাসে আৰু সম্পাদক চৈয়দ আহমেদ হুছেইনে।

Leave A Reply