Breaking

বজালীত ভেলাঘৰ সজাত ব‍্যস্ত চেমনীয়া

0 1,148

অসমীয়াৰ বাপতিসাহোন ভোগৰ উৎসৱ এই ভোগালী বিহুক আদৰিবলৈ ৰাজ্য ৰ আন জিলাৰ লগতে নৱগঠিত বজালী জিলাত টোও তো চলিছে তৎপৰতা।সমগ্ৰ ৰাজ্যৰ লগতে পাটাছাৰকুছিতো ভোগালী বিহুৰ উচাহ-উদ্দীপনা ক্ৰমাৎ ই বৃদ্ধি পাইছে‌।অঞ্চলটোৰ বিভিন্ন গাঁৱত চেমনীয়া সকলেও ভোগালী ক আদৰিবলৈ সাজু হৈছে।অসমীয়া ৰ ভোগৰ উৎসৱ ভোগালী বিহুৰ মেজি আৰু ভেলাঘৰ সজাত ব‍্যস্ত হৈ পৰিছে গাঁৱৰ চেমনীয়া যুৱক সকল।পথাৰত পৰা শুকান নৰা কাটি আনি সেই বোৰ বিভিন্ন পন্থাৰে মিহি কৰি আটকধুনীকৈ ভেলাঘৰ সজাত ব‍্যস্ত হৈ পৰিছে যুৱকসকল।তদুপৰি বজাৰ সমাৰত লৈ গ্ৰাহক আৰু ৰাইজৰ হেতা ওপৰা লাগিছে।কিন্তু এই বস্তু বোৰৰ চ’ৰা দামৰ বাবে একাংশ লোকৰ বাবে ভোগালীৰ আপ‍্যায়ন কৰাটো টান হৈ পৰিছে।কৰ’না বিভীষিকাৰ মাজতে ৰাজ‍্যবাসীয়ে ভোগালীক আদৰিবলৈ সাজু হৈ উঠিছে।উজনি পৰা নামনিলৈ সৰ্বত্ৰ পৰিলক্ষিত হৈছে উৎসাহ-উদ্দীপনা,ভেলাঘৰ, সাজি উৰুকাৰ নিশাটোলৈ সাজু হৈছে ৰাজ্যবাসী।

অৱশ্যে দেশৰ লগতে ৰাজ্যত পুনৰ মূৰ দাঙি উঠা কৰ’না-অ’মিক্ৰণৰ বিভীষিকাৰ মাজতে ভোগৰ উৎসৱ ভোগালী আদৰিবলৈ প্ৰস্তুত ৰাজ্যবাসী।উজনি-পৰা-নামনি-নামনি লৈকে ৰাজ‍্যৰ প্ৰান্তে প্ৰান্তে মাঘ বিহুৰ ব্যাপক আয়োজন।এনে পৰিপ্ৰেক্ষিতত কোভিড সংক্ৰান্তীয় নতুন নীতি নিৰ্দেশনা জাৰি কৰিছে।কিন্তু চৰকাৰে নীতি নিৰ্দেশনা জাৰি কৰিছে যদিও ৰাইজৰ মাজত ভোগালীক আদৰাৰ উৎসাহ কমা নাই।আনকি বহু ঠাইত গাঁওবাসীয়ে পথাৰত ধানখেৰ,নৰা আদিৰে কেতবোৰ প্ৰতীকী সাজি ভেলাঘৰ বোৰ আকৰ্ষিত কৰি তুলিছে।মাঘ বিহুৰ উৰুকা লৈ মাজত কেইটিমান দিন বাকী থকা অৱস্থাত মহামাৰী কৰ’নাৰ ভয়াবহতাৰ কথা পাহৰি আনন্দ -উল্লাহৰ মাজেৰে সকলোৱে মিলিজুলি উৰুকাৰ নিশা এসাঁজ খাবলৈ বহু আশাৰে বাট চাই আছে।মুঠতে মাঘ মাহৰ অগ্নিত জাহ যাব শীতৰ প্ৰকোপ।উল্লেখ‍্য যে গ্ৰামাঞ্চলত মেজি, ভেলাঘৰ গাঁৱৰ ডেকা-বুঢ়া সকলোৱে মিলি আনন্দৰে সাজি উলিয়ায়,এয়া অসমীয়া সমাজৰ এক সংস্কৃতি।কিন্তু বৰ্তমান অতি আধুনিক মনৰ হৈ পৰাৰ লগে লগে পূৰ্বৰ গ্ৰামঞ্চলতো উৎসাহ-উদ্দীপনা কিছু হলেও হ্ৰাস পোৱা দেখা যায়।সমাজৰ এচাম উচ্চাকাংক্ষী লোকে নিজৰ লৰা-ছোৱালীকো সমাজৰ সৈতে অৰ্থাৎ গাঁৱৰ ৰাইজৰ লগত মাঘ বিহুৰ উৰুকাৰ নিশা এসাঁজ ভাত খোৱাৰ সুযোগ নিদিয়াৰ বহু উদাহৰণ আছে।যাৰ ফলত মাঘ বিহুৰ মেজি, ভেলাঘৰৰ সম্পৰ্কে অজ্ঞাত হৈয়ে থাকিবলগীয়া হয় বহু যুৱক- যুৱতী,কিশোৰ কিশোৰী,।তদুপৰি মাঘ বিহু কলেই গাঁৱত ঢেঁকীৰ গুমগুমনি উঠে।গাঁৱৰ বোৱাৰী, জীয়ৰী ভৰিত গৰজি উঠে ঢেঁকীৰ শব্দ।বিভিন্ন পিঠা-পনা,জলপান, আখৈ,সান্দহ আদি যোগাৰ কৰে বিহুৰ বাবে।কিন্তু বৰ্তমান সময়ত ঢেঁকীৰ শব্দ ও কমি আহিছে। চহৰ নগৰ অঞ্চল বোৰৰে দূৰৰে কথা, গ্ৰামঞ্চলতো বজাৰৰ পৰা ক্ৰয় কৰি অনা অনাঅসমীয়া লোকে তৈয়াৰ কৰা পিঠা-জলপানৰে মাঘ বিহুৰ আয়োজন কৰে।এয়া বৰ্তমান সময়ত অসমৰ সংস্কৃতিৰ বাবেই দুঃখজনক বিবেচিত হৈছে।

Leave A Reply