Breaking

বালিজুৰিত পোষন মাহ উদযাপন

0 2,042

 বিশ্বনাথ জিলাৰ ইটাখোলাৰ সমীপৰ বালিজুৰিত কালি ভাৰত চৰকাৰৰ লোক সম্পৰ্ক আৰু সঞ্চাৰ ব্যুৰো ‘ তথ্য আৰু সম্প্ৰচাৰ  মন্ত্ৰালয়,ফিল্ড আউটৰিছ ব্যুৰ,তেজপুৰৰ উদ্যোগত পোষন মাহ উপলক্ষে এক বিশেষ সজাগতা কাৰ্যসূচী অনুষ্ঠিত হয় ।উক্ত কাৰ্যসূচীৰ সঞ্চালন কৰে  চতিয়া আঞ্চলিক পঞ্চায়তৰ সভাপতি লক্ষীকান্ত বৰাই। কাৰ্য্যসুচীত অঞ্চলটোৰ অংগনাবাদী কৰ্মী, কিশোৰী আৰু বিদ্যালয় সমুহৰ ছাত্ৰী সকল উপস্থিত থাকি ফিল্ড  আউটৰিছ ব্যুৰ,তেজপুৰৰ দ্বাৰা অনুষ্ঠিত গৰ্ভৱতী মহিলা,কিশোৰী আৰু শিশুৰ পুষ্টিকৰ খাদ্যৰ লগত সম্পৰ্কীয় প্ৰতিযোগিতা যেনে আকস্মিক বক্তৃতা,চিত্ৰাংকন,কুইজ আৰু থলুৱা পুষ্টিকৰ খাদ্য সম্ভাৰ পৰিবেশন আদিত অংশগ্ৰহণ কৰে । অঞ্চলটোৰ শিক্ষানুষ্ঠানৰ শিক্ষকৰ দ্বাৰা বিচাৰ কৰি অনুষ্ঠিত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা প্ৰতিযোগী সকলক পুৰস্কাৰ  বিতৰণ কৰা হয় । উক্ত অনুষ্ঠানত ফিল্ড আউটৰিছ ব্যুৰ,তেজপুৰ জিলা প্ৰচাৰ বিষয়া সাৰংগ পানীভৰাল,বালিজুৰিৰ বিশিষ্ট সমাজ কৰ্মী ভক্তৰাজ গুৰুং, বালিজুৰি জুনিয়ৰ কলেজৰ অধ্যক্ষ কনক নাথ,বালিজুৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক টোম প্ৰসাদ উপাধ্যায়, শিক্ষক জয়ন্ত ৰিজাল, ঠণ্ডী উপাধ্যায় ,চিন্তা মনি ভট্তৰায়, বালিজুৰি মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষক শিৱ আমগাই আৰু বিশ্বনাথ জিলা গোৰ্খা সন্মিলনৰ সাংগঠনিক সম্পাদক ৰাজু লিম্বুকে প্ৰমুখ্য কৰি বালিজুৰি অঞ্চলৰ বহুকেইজন গুণী জ্ঞানী ব্যক্তি উপস্থিত  আছিল  । অনুষ্ঠিত চিত্ৰাংকন প্ৰতিযোগিতাত প্ৰথম আৰু দ্বিতীয় স্থান লাভ কৰে গ্ৰীণ মডেল ইংলিছ স্কুলৰ ছাত্ৰী তথা কিশোৰী ক্ৰমে অংকিতা আমগাই আৰু নেহা খাতুনে । আকস্মিক বক্তৃতাত প্ৰথম স্থান লাভ কৰি অংকিতা আমগাই আৰু দ্বিতীয় স্থান লাভ কৰে আশা পৰাজুলিয়ে ।খাদ্য সম্ভাৰ পৰিবেশন   আৰু ৰংগোলী  প্ৰতিযোগিতাত প্ৰথম স্থান পাবলৈ সক্ষম হয় গীতা আমগাই,সংগীতা লিম্বু,আশা পৰাজুলি,বিষ্ণুমায়া ছেত্ৰী ,দীপা নেৱাৰ আৰু কল্পনা ছেত্ৰীৰ দলে ।দ্বিতীয় স্থান লাভ কৰে মণিকা দেবী, জুনু প্ৰধান  আৰু ৰীণা দেবীৰ দলে ।

Leave A Reply