Breaking

জামুগুৰিহাটত বেংকত লানি নিচিগা ভিৰ৷

0 2,029

জামুগুৰিহাটৰ বেংকসমুহৰ সন্মুখত এতিয়া দীঘলীয়া শাৰীৰ যেন ঢৌ উঠিছে৷জামুগুৰিহাটৰ মূল কেন্দ্ৰস্থলত থকা ইউকো বেংক,গ্ৰামীণ বিকাশ বেংক আৰু ভাৰতীয় ষ্টেট বেংকৰ সন্মুখত এতিয়া পুৱাৰপৰাই নিজৰ সাঁচতীয়া ধন উলিয়াবৰ বাবে গ্ৰামাঞ্চলৰ লোকসকলে শাৰী পাতি ৬/৭ ঘন্টা অপেক্ষা কৰিব লগীয়া হৈছে৷ভিতৰুৱা অঞ্চলসমুহৰপৰা অহা বেংকৰ উপভোক্তা লোকসকল পুৱা ৭ বজাতেই আহি শাৰী পাতি অপেক্ষা কৰিবলগীয়া হৈছে বেংকৰ ভিতৰলৈ প্ৰৱেশ কৰিবৰ বাবে৷বেংকৰ সন্মুখত বিশেষকৈ এনে অভাৱনীয় ভিৰৰ বাবে সমস্যাত পৰিছে বৃদ্ধ বৃদ্ধা তথা আদহীয়া লোকসকল৷পুৱাই আহি ঘন্টাৰ পিছত ঘন্টা ধৰি এনেদৰে ধন উলিয়াবলৈ অহা একাংশ লোক আনকি শাৰীত থিয়হি থকাৰ বাবেই মুৰ ঘুৰাই পৰি যোৱাৰ ঘটনাও সংঘটিত হৈছে৷পূজাৰ পূৰ্ৱে শ্ৰমিকৰ জৱ কাৰ্ড,বৃদ্ধ পেঞ্চন,অৰুণোদয় আঁচনিৰ ধন উলিৱাবৰ বাবে বেংকত ভিৰ হোৱা এনে পৰিৱেশ নিয়ন্ত্ৰণৰ বাবে আনকি আৰক্ষীও উপস্থিত হ’বলগীয়া হৈছে৷ইয়াৰ মাজতেই আকৌ শাৰী পাতি থকা একাংশ বৃদ্ধ বৃদ্ধা লোকক অতিক্ৰম কৰি পিছত অহা একাংশ লোকো নিজৰ স্বাৰ্থ আগত ৰাখি সুুযোগ বুজি সুবিধা লৈ বেংকত প্ৰৱেশ কৰাত বহুসংখ্যক খাতিখোৱা আদহীয়া লোক টকা উলিয়াবলৈ সুবিধা নোপোৱাৰ বাবেই উভতি যাবলগীয়া হোৱাৰ অভিযোগ পোৱা গৈছে৷তাৰোপৰি টকা উলিয়াবৰ বাবে বেংকত প্ৰৱেশ কৰিলেহে উইদ্ৰ’ৱেল ফৰ্ম লাভ কৰা যায় যদিও এক দুষ্ট চক্ৰই বেংকসমুহৰ বাহিৰত উইদ্ৰ’ৱেল ফৰ্ম বিক্ৰী কৰাৰো অভিযোগ উল্থাপিত হৈছে৷বেংকত দেখা দিয়া এনে অভাৱনীয় ভিৰৰ প্ৰতি লক্ষ্য ৰাখি বৃদ্ধ বৃদ্ধা তথা আদহীয়া লোকসকলৰ বাবে সপ্তাহৰ এটা দিন নতুবা তেনে লোকক বেংক কৰ্তৃপক্ষই শাৰী পাতি থকা স্থানৰপৰা চিনাক্ত কৰি বয়সৰ প্ৰতি সন্মান জনাই সোনকালে কামখিনি কৰাৰ সুযোগ দি নিজ গৃহলৈ উভতাই পঠোৱাৰ ব্যৱস্থা কৰিবলৈও আহবান জনাইছে সচেতন মহলে৷

Leave A Reply