Breaking

বেংকসমূহে লাভ কৰা নাই চৰকাৰৰ নিৰ্দেশাৱলী।লকডাউনকালীন চৰকাৰী সাহাৰ্য ঘোষণাতে আবদ্ধ।

0 68

গুৱাহাটী

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে লকডাউনৰ দীঘলীয়া সময়ছোৱাত ক্ষয়-ক্ষতিৰ সন্মুখীন হোৱা অতি ক্ষুদ্ৰ, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসমূহৰ সকাহৰ বাবে এলানি আৰ্থিক অনুদানমূলক আঁচনি ঘোষণা কৰিছিল। সমান্তৰালভাৱে পদপথৰ ব্যৱসায়ী, হকাৰ আদিৰ বাবেও আৰ্থিক পেকেজ ঘোষণা কৰিছিল। কিন্তু এই ঘোষণাৰ এপষেক পাৰ হোৱাৰ পাছতো অসমৰ বেংকসমূহে চৰকাৰী ঘোষণা কাৰ্যকৰী কৰিবলৈ আগবাঢ়ি অহা নাই। বিভিন্ন ক্ষুদ্ৰ ব্যৱসায়ী, হকাৰ আদিয়ে স্থানীয় বেংকসমূহৰ সৈতে যোগাযোগ কৰি হতাশ হ’বলগা হৈছে। প্ৰাপ্ত তথ্য মতে অসমৰ গুৱাহাটীস্থ ৰাষ্ট্ৰীয়কৃত বেংকসমূহে বৰ্তমানলৈ প্ৰধানমন্ত্ৰীক আৰু বিত্তমন্ত্ৰীৰ ঘোষণাৰ ভিত্তিত কোনো ধৰণৰ কাৰ্যকৰী নিৰ্দেশনা লাভ কৰা নাই। ইফালে বিভিন্ন সংবাদ মাধ্যমত নিতৌ সাহাৰ্য প্ৰদানৰ কথা বিজ্ঞাপনযোগে চৰকাৰে প্ৰকাশ কৰিছে। ৰাইজক চৰকাৰী সাহাৰ্য ল’বলৈ আগবাঢ়ি আহিবলৈ আহবান জনাইছে। চৰকাৰে আগবঢ়াব খোজা সাহাৰ্য তথা ঋণ আদি কেৱল বিজ্ঞাপনৰ মায়াজালতে আবদ্ধ হৈ আছে। গুৱাহাটীৰ বেংকসমূহেই চৰকাৰৰ নিৰ্দেশনা ৰূপায়নৰ বাবে আগবাঢ়ি অহা নাই। তেনেস্থলত গ্ৰামাঞ্চলৰ ভিতৰুৱা বেংকসমূহে সাধাৰণ ৰাইজক কেনেকৈ সহায় কৰিব সেয়া কল্পনাৰো অগোচৰ। ফলত চৰকাৰে কেৱল আঁচনি বা সুবিধা ঘোষণা কৰাতে ক্ষান্ত নাথাকি এনে আঁচনি ৰূপায়নৰ দিশটো পৰ্যবেক্ষণ কৰিব লাগে বুলি ৰাইজে মত প্ৰকাশ কৰিছে।

Leave A Reply