Breaking

বৰদিকৰাই নদীৰ তীব্ৰ গৰাখহনীয়াই কঢ়িয়াইছে ভাবুকি : অস্তিত্বৰ সংকটত নামেৰী-বৰদিকৰাই ঘাট বনভোজথলী

0 55

জামুগুৰিহাট

নেৰানেপেৰা মুষলধাৰ বৰষুণৰ বাবেই ক্ৰমাৎ ফেনেফুটুকাৰে বাঢ়িছে জামুগুৰিহাটৰ উত্তৰাঞ্চলৰ মাজেৰে অৰুণাচলৰ সুউচ্চ পাহাৰৰপৰা বৈ অহা বৰদিকৰাই নদী৷ ভৰ বাৰিষাৰ পূৰ্ৱেই নদীখনে চপৰা চপৰে খহাইছে গড়া৷ বহু বিঘা কৃষিভূমি ইতিমধ্যে নদীখনৰ বুকুত জাঁহ গৈছে৷ নদীখনৰ গাতে লাগি থকা নামেৰি ৰাষ্ট্ৰীয় উদ্যানৰ নিকটৱৰ্তী বনভোজথলী “নামেৰী-বৰদিকৰাই ঘাট”টোও এতিয়া সংকটৰ গৰাহত৷ নদীখনৰ সিপাৰে থকা নামেৰীৰ অপৰূপা সৌন্দৰ্যই বনভোজকাৰী দলৰ বাবে আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হৈ পৰা এই বৰদিকৰাই ঘাটত বিগত সাত আঠ বছৰ ধৰি বহু সংখ্যক বনভোজ দলৰ সমাগমেৰে ডিচেম্বৰৰ শেষৰ সপ্তাহৰপৰা জানুৱাৰী মাহ পৰ্যন্ত বনভোজ দলৰ উপস্থিতিয়ে উখল মাখল হৈ থকা এই নামেৰি-বৰদিকৰাই ঘাটৰ খহনীয়াৰ ভয়াবহ ৰূপ দেখি এতিয়া চিন্তিত হৈ পৰিছে সচেতন ৰাইজৰ লগতে স্থানীয় লোকসকল৷ ইফালে ভৰ বাৰিষাৰ বতৰৰ বহু পূৰ্ৱেই এইবেলি খৰস্ৰোতা হৈ পৰা নদীখনে ভাবুকী কঢ়িয়াই আনিছে অঞ্চলটোৰ ১৫ খনৰো অধিক গাঁৱলৈ৷অঞ্চলটোৰ ১ নং বৰদিকৰাই, বামুনিপাম, খকণবস্তি, গড়বিল আদি কৰি নিকটৱৰ্তী গাঁওসমূহৰ জনসাধাৰণে তেওঁলোকৰ জীৱন আৰু সম্পত্তিক লৈ যথেষ্ট চিন্তিত হৈ পৰিছে৷ ইতিমধ্যে বৰদিকৰাই নদীৰ গৰাখহনীয়াত ৰাইজৰ বহু বিঘা কৃষিভূমি নিঃশ্চিহ্ন হৈছে৷ কালি তীব্ৰ গৰাখহনীয়াৰ কৱলত পৰা এই বৰদিকৰাই ঘাটত চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই নদুৱাৰ খণ্ড উন্নয়ন বিষয়া ৰাজীৱ বৰা, অভিযন্তা দিব্যজ্যোতি হাজৰিকা, কণিষ্ঠ অভিযন্তা অভিজিত ভট্টাচাৰ্য, পশ্চিম মূঢ়াদল গাঁও পঞ্চায়তৰ সভাপতি দীপক নেৱাৰ, মূঢ়াদল জিলা পৰিষদৰ সদস্য কিশোৰ দাহালকে ধৰি চৰকাৰী বিষয়ববীয়া-পঞ্চায়ত প্ৰতিনিধিসকলক লগত লৈ গৰাখহনীয়াস্থলী পৰিদৰ্শন কৰে৷ গৰাখহনীয়াস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে নদীৰ খহনীয়া ৰোধৰ ক্ষেত্ৰত বান নিয়ন্ত্ৰণ ব’ৰ্ড, জলসম্পদ বিভাগকে আদি কৰি কেবাটাও বিভাগৰ শীৰ্ষ বিষয়াসকলৰ লগত এক টেলিফোনিক বাৰ্তালাপত মিলিত হৈ আলোচনা কৰি শীঘ্ৰেই ব্যৱস্থা গ্ৰহণৰ চেষ্টা কৰে৷ ইয়াৰোপৰি খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ৰ জৰিয়তে পঞ্চায়তৰ প্ৰতিনিধিসকলকো গৰাখহনীয়া ৰোধৰ বাবে পাৰ্কুপাইনৰ ব্যৱস্থা তৎকালীনভাৱে কৰাৰো নিৰ্দেশ দিয়ে বিধায়ক হাজৰিকাই৷ মুষলধাৰ বৰষুণৰ বাবে প্ৰতিকুল হৈ পৰা বতৰকো নেওচি গৰাখহনীয়া হোৱা স্থানত বিধায়ক গৰাকী এইদৰে উপস্থিত হৈ তৎকালীনভাৱে গৰাখহনীয়া ৰোধ কৰিবৰ বাবে লোৱা প্ৰচেষ্টাৰ শলাগ লৈছে অঞ্চলবাসী ৰাইজে৷ নদীখনৰ গৰাখহনীয়া স্থায়ীভাৱে প্ৰতিৰোধ কৰাৰ লগতে প্ৰচুৰ সম্ভাৱনাময় বনভোজস্থলী বৰদিকৰাই ঘাটৰ সুৰক্ষাৰ বাবে অসম চৰকাৰৰ জলসম্পদ বিভাগকো এক স্থায়ী পদক্ষেপ গ্ৰহণ কৰিবলৈও দাবী জনাইছে অঞ্চলবাসী ৰাইজে৷

Leave A Reply