Breaking

বড়িগোগ বনভাগ মণ্ডল যূৱ মৰ্চাৰ নতুন সভাপতি

0 2,021

ভাৰতীয় জনতা যূৱ মৰ্চাৰ নলবাৰী জিলা সমিতিৰ অন্তৰ্গত ৪ টা মণ্ডলত কালি নলবাৰী জিলা বিজেপিৰ সভাপতি ডাঃ মৃগাংক তালুকদাৰ আৰু ভাৰতীয় জনতা যূৱ মৰ্চাৰ সভাপতি হেমন্ত বৰ্মনে স্বাক্ষৰিত কৰি উক্ত মণ্ডলৰ যুৱ মৰ্চাৰ সভাপতি সমুহক নিযুক্তি দিয়ে। ঘগ্ৰাপাৰৰ- বড়িগোগ বনভাগ মণ্ডল যূৱ মৰ্চাৰ সভাপতি  হিচাপে বিজেপিৰ যূৱনেতা তথা খাতিকুছি গাঁও পঞ্চায়তৰ প্ৰভাৰী হৰেশ্বৰ দাসক নিযুক্তি দিয়ে।কালি নিশায়ে ভাৰতীয় জনতা পাৰ্টি বড়িগোগ বনভাগ মণ্ডলৰ মুখ্য কাৰ্যালয়ত , বড়িগোগ বনভাগ মণ্ডল যূৱ মৰ্চাৰ নৱ নিযুক্ত সভাপতি দাসক সাংসদ দিলীপ শইকীয়া, বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ সভাপতি ডিম্বেশ্বৰ বেজবৰুৱাসহ দলীয় কাৰ্যকৰ্তাসকলে অভিনন্দন জনায়।যূৱ মৰ্চাৰ মণ্ডল সভাপতিগৰাকীয়ে সম্বৰ্ধনা গ্ৰহণ কৰি আগন্তুক দিনত যূৱ মৰ্চাৰ সাংগঠনিক ভেটি আৰু অধিক শক্তিশালী কৰাত বিশেষ গুৰুত্ব দিব বুলি মন্তব্য কৰে।ইফালে আজি ৰাতিপুৱা ৰ ভাগত দলটোৰ বিভিন্ন চেলৰ কাৰ্যকৰ্তাৰ লগতে বড়িগোগ বনভাগ অ’বি চি মৰ্চাৰ সভাপতি ৰঞ্জিত দাস,উপ সভাপতি দ্বীজেন দাসসহ এটি দলে নৱ নিয়ুক্তি মণ্ডল যূৱ মৰ্চাৰ সভাপতিগৰাকীৰ গৃহত উপস্থিত হৈ অভিনন্দন জ্ঞাপন কৰে বুলি জানিব দিয়ে।

Leave A Reply