Breaking

বৰক্ষেত্ৰীৰ শিক্ষাবিদ মনোজ কুমাৰ মহন্তই গাঁঠিৰ ধন ভাঙি আগবঢ়লে বান সাহাৰ্য

0 2,062

বৰক্ষেত্ৰীৰ বিশিষ্ট শিক্ষাবিদ তথা গুৱাহাটীস্থিত প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ মনোজ কুমাৰ মহন্তই আগবঢ়লে বান সাহাৰ্য।বৰক্ষেত্ৰীৰ বিভিন্ন প্ৰান্তৰ সমস্যা সমাধানকল্পে সক্ৰিয় ভূমিকা গ্ৰহণ কৰি অহা তথা সমষ্টিটোৰ ৰাইজৰ সুখে – দুখে সমভাগী হোৱা মনোজ কুমাৰ মহন্তক বৰক্ষেত্ৰীৰ বিভিন্ন প্ৰান্তত সক্ৰিয় ৰূপত দেখা গ’ল।নিজৰ কৰ্মব্যস্ত জীৱনৰ মাজতো ঢৌতে খৰ মাৰি যোৱা কিছুদিন ধৰি সমষ্টিটোৰ বান বিধস্ত বৰভাগ অঞ্চলৰ বিভিন্ন প্ৰান্তৰ লগতে আজি কুৰিহা, গলদিঘলা, চুঙৰবড়ী আৰু কেকানকুছি, জয়সাগৰ আদি অঞ্চলৰ বান শিবিৰত থকা বানপীড়িত লোকসকলৰ ওচৰলৈ গৈ তেওঁলোকৰ সুখ-দুখৰ সমভাগী হোৱাৰ উপৰিও বান সাহায্য প্ৰদান কৰে।

উল্লেখ্য যে বানপানীত ক্ষতিগ্ৰস্ত লোকসকলৰ পুনঃ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষক অনুৰোধ জনোৱাৰ লগতে আটাইৰে মংগল কামনা কৰে মহন্তই।

মুকালমুৱাৰ পৰা শংকৰ দাসৰ প্ৰতিবেদন

Leave A Reply