Breaking

বৰপেটা জিলাভিত্তিক গণিত আৰু বিজ্ঞান অলিম্পিযাড সম্পন্ন

0 53

চৰকাৰী মাধ্যমৰ শিক্ষাৰ্থীসকলক গণিত আৰু বিজ্ঞান বিষয়ৰ প্ৰতি আগ্ৰহী কৰা তথা এই গুৰুত্ব পূৰ্ণ বিষয় দুটাৰ ক্ষেত্ৰত থকা ছাত্ৰ ছাত্ৰীৰ ব্যুৎপত্তিৰ অনুসন্ধান কৰিবলৈ‌ আজি ৰাষ্ট্রীয় আবিষ্কাৰ অভিযানৰ অন্তর্গত সমগ্র শিক্ষা বৰপেটাৰ উদ্যোগত জিলা পৰ্যায়ত গণিত আৰু বিজ্ঞান অলিম্পিযাডৰ আয়োজন কৰা হয়। অলিম্পিয়াডৰ আৰম্ভনিতে উপস্থিত থাকি প্রতিযোগীসকলক শুভেচ্ছা আৰু উৎসাহ যোগায় বৰপেটা জিলাৰ অতিৰিক্ত উপায়ুক্ত (শিক্ষা) লখিমী দত্তই।

হাউলী জুনিয়ৰ কলেজত অনুষ্ঠিত আজিৰ এই অলিম্পিয়াডত উচ্চ প্ৰাথমিক পৰ্যায়ৰ অসমীয়া মাধ্যমৰ ৩৫৪ গৰাকী আৰু বড়ো মাধ্যমৰ ৮ গৰাকী কৃতী ছাত্র ছাত্রীয়ে অংশগ্রহণ কৰে। উল্লেখযোগ্য যে যোৱা‌ ৪ জানুৱাৰীত মণ্ডল ভিত্তিত আন এখন গণিত আৰু বিজ্ঞান অলিম্পিযাড অনুষ্ঠিত কৰা হৈছিল আৰু আজি অনুষ্ঠিত এই অলিম্পিয়াডলৈ বৰপেটা জিলাৰ প্ৰতিটো মণ্ডল সমল কেন্দ্ৰৰ পৰা শ্রেষ্ঠ দুগৰাকী প্রতিযোগীয়ে অংশগ্রহণ কৰে। জিলা আচনি বিষয়া (শিক্ষক প্ৰশিক্ষণ) সীতাংগ ডেকাই নেতৃত্ব দিয়া এই আয়োজনে ভৱিষ্যতে বিশিষ্ট গণিতজ্ঞ আৰু বিজ্ঞানী গঢ়ি তোলাত আদৰণীয় ভূমিকা গ্রহণ কৰিব বুলি আজি সচেতন ৰাইজে অনুভৱ কৰিছে।

Leave A Reply