Breaking

বৰপেটা প্ৰেছ ক্লাবত বিশিষ্ট শিক্ষাবিদ, সমালোচক, সাহিত্যিক অক্ষয় কুমাৰ মিশ্ৰৰ “সুৰৰ সূতাৰে গঁথা মালাধাৰ” নামৰ গ্ৰন্হ উন্মোচন…

0 1,565

বৰপেটা প্ৰেছ ক্লাবৰ প্ৰেক্ষাগৃহত যোৱা কালি সন্ধিয়া বিশিষ্ট সাহিত্যিক কলাগুৰু আৰু শিক্ষাৰত্ন বঁটা প্ৰাপক অক্ষয় কুমাৰ মিশ্ৰৰ ” সুৰৰ সূতাৰে গঁথা মালাধাৰ ” নামৰ গ্ৰন্থ খনৰ দ্বিতীয় খন্ড উন্মোচন কৰা হয়৷গ্ৰন্হখন উন্মোচন কৰে বৰপেটাৰ কেইগৰাকীমান শিল্পীয়ে।তেওঁ লোক হ’ল হেমেন দাস, গুনীন্দ্ৰ নাথ ওজা, প্ৰমথ ৰঞ্জন দাস, নকুল দাস আৰু অমেন বায়নে ৷উন্মোচনৰ পূৰ্বে গ্ৰন্থখনৰ সন্দৰ্ভত গ্ৰন্থকাৰ অক্ষয় কুমাৰ মিশ্ৰই বিশদ ব্যাখ্যা কৰে ৷লগতে তেওঁ ভাষণ প্ৰসংগত অসমীয়া ভাষা আৰু অসমীয়া জাতিক ৰক্ষা কৰাৰ বাবে আহ্বান জনায়।

অসমীয়া মাধ্যমৰ বিদ্যালয়ত তৃতীয় শ্ৰেণীৰ পৰা বিজ্ঞান আৰু গণিতৰ শিক্ষা ইংৰাজী মাধ্যমেৰে দিয়া হ’ব বুলি ৰাজ্য চৰকাৰে কৰা ঘোষণাক তীব্ৰ বিৰোধিতাও কৰে।তেওঁ কয় যে, শিক্ষাই যন্ত্ৰ মানৱ নহয় প্ৰকৃত মানুহ তৈয়াৰ কৰিব লাগে।তাকে কৰিবলৈ হ’লে বিশেষকৈ প্ৰাথমিক স্তৰত মাতৃভাষাত শিক্ষাদান কৰাটো অপৰিহাৰ্য বুলি কয়।নাট্যকাৰ, অভিনেতা নিৰ্মল দাসে আঁত ধৰা ব্যতিক্ৰমী গ্ৰন্থ উন্মোচনী সভাত শিল্পী হেমেন দাসে এই গ্ৰন্থখনৰ আধাৰত প্ৰথম সংগীতালেখ্যৰ ৰূপৰেখা কেনেকৈ প্ৰস্তুত হৈছিল সেই সম্পৰ্কে বিশদ ব্যাখ্যা আগবঢ়ায় ৷

গ্ৰন্থ উন্মোচনী সভাত বৰগীতৰ শিল্পী গুনীন্দ্ৰ নাথ ওজাই সংগীতালেখ্য খনৰ লগত কি দৰে জড়িত হৈছিল আৰু কেনে গীত পৰিবেশন কৰিছিল সেই সম্পৰ্কে বিশদ ভাবে উল্লেখ্য কৰে ৷সভাত শিল্পী প্ৰমথ ৰঞ্জন দাস, নকুল দাস আৰু অমেন বায়নে ভাষণ প্ৰদান কৰে ৷উক্ত সভাত বৰপেটাৰ নিৰ্বাচনী বিষয়া ময়ুৰাক্ষী দত্তইয়ো উপস্থিত হৈ বৰপেটাৰ কৃষ্টি সংস্কৃতিৰ লগতে বৰপেটা বাসীৰ মৰম ভালপোৱাৰ ওপৰত কেনেকৈ আকৃষ্ট হ’ল তাৰ ওপৰত এক ৰসাল ভাষণ প্ৰদান কৰে।

Leave A Reply