Breaking

বৰপেটাত বলিছে পৌৰ নিৰ্বাচনৰ গৰম বতাহ

0 530

পৌৰসভা নিৰ্বাচনৰ দিন ক্ৰমাৎ ওচৰ চাপি অহাৰ লগে লগে বিভিন্ন দলৰ প্ৰচাৰ অভিযান তুংগত উঠা পৰিলক্ষিত হৈছে। সম্প্ৰতি ইয়াৰ ব্যতিক্ৰম নহয় বৰপেটা। পিছে এইবেলি পৌৰ নিৰ্বাচনত প্ৰাৰ্থীৰ ৰূপত বৈদ্যুতিন মাধ্যমৰ সংবাদকৰ্মী ৰূপক বায়নৰ প্ৰচাৰ অভিযানে ভোটাৰ ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰা দেখা গৈছে।

বৰপেটা পৌৰসভাৰ ১৮ নং ৱাৰ্ডৰ বিজেপি প্ৰাৰ্থীৰূপে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছে সংবাদ কৰ্মী ৰূপক বায়ন ৷ ৱাৰ্ডটোৰ যুৱ প্ৰাৰ্থীৰূপে ভোটাৰ ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ মহিলা-যুৱতীসকলক লগত লৈ ঘৰে ঘৰে ভোট ভিক্ষা মাগিছে ৰূপকে। একেদৰে অগপ প্ৰাৰ্থী ৰনজিৎ দাসেও ১৬ নং ৱাৰ্ডত আৰু জোনালী দাসে ১৭ নং ৱাৰ্ডত ভোটাৰক আকৰ্ষন কৰিবলৈ বিভিন্ন ৰণ কৌশল অৱলম্বনেৰে প্ৰচাৰ অভিযান চলোৱা দৃষ্টিগোচৰ হৈছে যদিও সময়তহে নিৰূপিত হব কোনে হাৰিব,কোনে জিকিব।

Leave A Reply