Breaking

বকোৰ বৰুৱা বালিঝাৰ বজাৰৰ আধুনিক গৃহ শুভ উদ্বোধন।

0 536

মজবুত হ’ব গ্ৰাম্য অৰ্থনীতিৰ ভেটি ।

গ্ৰামাঞ্চলৰ কৃষক জনসাধাৰণৰ জীৱন জীৱিকাৰ অৰ্থনীতি গঠিত হয় স্থানীয় বজাৰ ঘাটত। এনে বজাৰ হৈছে কামৰূপ জিলাৰ ভিতৰুৱা অঞ্চল বৰুৱা বালিঝাৰ বজাৰ। ছমৰীয়া ৰাজহ চক্ৰৰ অন্তৰ্গত বকো আৰক্ষী থানাৰ অধিনৰ এলেকা বালিঝাৰ অঞ্চলত এই বজাৰ খন স্থাপন হৈছিল ইং ১৯৬৮ চনত। প্ৰাপ্ত তথ্য অনুসৰি সেই সময়তেই এক সমাজ সংগঠকৰ ভুমিকা পালন কৰা বিশিষ্ট সমাজকৰ্মী ক্ৰমে স্বৰ্গীয় নুৰ আলী গাওবুঢ়া, চহৰ দেৱানী, মাধৱ,খিনাৰুদ্দিন, হানি মাহমুদ,বাতাসু সেখ, আব্দুল হাই, বক্তাৰ আলী,কাসেম দেৱানীৰ দৰে বহু কেইজন ব্যক্তিৰ প্ৰচেষ্টাত স্থাপন কৰি শুভাৰম্ভ কৰা হৈছিল বৰুৱা বালিঝাৰ বজাৰ খন। সেই সময়তে ৰাজহুৱা সভাত প্ৰতিষ্ঠাপক সভাপতি হিচাপে নুৰ আলীক আৰু সম্পাদক হিচাপে কাছেৰ আলীক মনোনীত কৰি গঠন কৰা হৈছিল বৰুৱা বালিঝাৰ বজাৰ পৰিচালনা সমিতি খন। উল্লেখ্য যে ; বৃহত্তৰ বৰুৱা বালিঝাৰ অঞ্চলৰ প্ৰায় ২২ খন গাঁওৰ একমাত্ৰ বানিজ্যিক কেন্দ্ৰ বালিঝাৰ বজাৰ খন। আজি বজাৰৰ মাজমজিয়াত নৱ নিৰ্মিত বিল্ডিং গৃহৰ শুভ উদ্ধোধনী অনুষ্ঠানত আয়োজন কৰে। বহু সংখ্যক ব্যৱসায়ী আৰু ৰাইজৰ সহযোগত আনুষ্ঠানিক ভাৱে গৃহটো উদ্ধোধন কৰে বৰ্তমানৰ বজাৰ পৰিচালনা সমিতিৰ সভাপতি ছামাদ আলী আৰু অৱসৰ প্ৰাপ্ত শিক্ষক চুৰত আলীয়ে। বজাৰ গৃহটো উদ্ধোধন কৰি সভাপতিয়ে ভাষণ প্ৰসংগত কয় যে ; পৰবৰ্তী সময়ত এই বজাৰ গৃহটো অঞ্চলটোৰ কৃষক জনসাধাৰণৰ অৰ্থনৈতিক বিকাশত এক বিশেষ অৰিহণা যোগাব আৰু গ্ৰামাঞ্চলৰ স্থানীয় বজাৰ সমুহ গ্ৰাম্য অৰ্থনীতিৰ ভেটি। বজাৰ গৃহ উদ্ধোধনী অনুষ্ঠানত উপস্থিত থাকে নিৰ্মাণ কমিটিৰ সভাপতি ৰমজান আলী ; সম্পাদক নুৰুল হক গাওঁবুঢ়া ; বজাৰ পৰিচালনা সমিতিৰ সম্পাদক ইমাৰ আলী ; সদস্য ক্ৰমে ফজল আলী ; মমিন আলী ; মছমুল হক ; আব্দুল আজিদ ; কৰম আলী ; স্বাহ জালাল আদিৰ উপৰিও বয়োজ্যেষ্ঠ্য ব্যক্তি ইজুতুল্ল্যাহ আৰু ছেখাৰুদ্দিন আদিকে ধৰি বহু কেইজন বিশিষ্ট সমাজকৰ্মী।

Leave A Reply