Breaking

টংলাৰ সাংস্কৃতিক কৰ্মী, অভিনেতা পবিত্ৰ ৰাভালৈ সদৌ অসম ছাত্ৰ-সন্থাৰ প্ৰতিমা বৰুৱা পাণ্ডে বটাঁ : টংলা আছুৰ লগতে বিভিন্ন সংগঠনৰ শুভেচ্ছা

0 1,285

টংলা, ২৫ ডিচেম্বৰ : অসমৰ সাংস্কৃতিক জগত তথা অসমীয়া চলচ্চিত্ৰ জগতৰ বিশিষ্ট অভিনেতা পবিত্ৰ ৰাভালৈ সদৌ অসম ছাত্র- সন্থাৰ বিশেষ সন্মান।প্ৰতি বছৰে  সদৌ অসম ছাত্র-সন্থাৰ মজিয়াৰ পৰা বিশেষ ভাবে অসমৰ  সাহিত্য-সাংস্কৃতিৰ সাধক হিচাপে জাতীয় জীৱনলৈ আগবঢ়োৱা অৱদানৰ বাবে বিশেষ ব্যক্তিক এই “পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডে স্মাৰক ২০২০” বটাঁ” আগবঢ়াই আহিছে। এইবেলি আগবঢ়োৱা হৈছে বিশিষ্ট অভিনেতা, নাট্য শিল্পী সকলোৰে পৰিচিত ওদালগুৰি জিলাৰ টংলাৰ নিবাসী পবিত্ৰ ৰাভালৈ। বটাঁৰ বাবে মনোনীত হোৱাৰ বাবে সদৌ অসম ছাত্ৰ-সন্থাক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে অভিনেতা গৰাকীয়ে। এই সন্মান লাভ কৰি অনাগত দিনবোৰত অধিক উৎসাহ উদ্যমেৰে অসমৰ সাংস্কৃতিক জগতখনলৈ কাম কৰি যোৱাৰ সাহস পাব বুলি মন্তব্য কৰে অভিনেতা গৰাকীয়ে। অভিনেতা পবিত্ৰ ৰাভাই দাপোন দা মিৰৰ উদ্যোগত “আমাৰ গাঁৱ”ত সমাজত অৱহেলিত “বিশেষ ভাৱে সক্ষম সৰ্বকায়” যুৱক -যুৱতী সকলক বিগত কেইবা বছৰ ধৰি সমাজত মৰ্য্যাদা সহকাৰে জীয়াই থাকিবলৈ ফলপ্ৰসু পদক্ষেপ গ্ৰহন কৰি আহিছে। সদৌ অসম ছাত্ৰ সন্থাই অহা ২৭ ডিচেম্বৰ ২০২০ তাৰিখে অভিনেতা পবিত্ৰ ৰাভাক পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডে স্মাৰক বঁটাৰে সন্মানীত কৰিব বিচৰা সিদ্ধান্তক আছুৰ সহকাৰী সাধাৰন সম্পাদক জয়ন্ত কুমাৰ ভট্টাচাৰ্য্য ,সদৌ ওদালগুৰি জিলা ছাত্ৰ সন্থা, টংলা আঞ্চলিক ছাত্ৰ সন্থাকে ধৰি জিলাবাসী ৰাইজে আদৰনি জনাই সদৌ অসম ছাত্ৰ সন্থাক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে। সদৌ অসম ছাত্ৰ সন্থাই প্ৰতি বছৰে ২৭  ডিচেম্বৰত প্ৰদান কৰি অহা পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডে স্মাৰক বঁটা এইবেলি টংলাৰ সুসন্তান, কৃতী খেলুৱৈ, চিত্ৰশিল্পী, নাট্যকাৰ, অভিনেতা, পৰিচালক, টংলা আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক, সংগীত নাটক একাডেমীৰ বিছমিল্লা খাঁ যুৱ বঁটা প্ৰাপক, ৰিয়েল হিৰু এৱাৰ্ড লাভ কৰোতা,  ৰাম চন্দ্ৰ ৰাভা আৰু  নাগেশ্বৰী ৰাভাৰ কণিষ্ঠ পুত্ৰ , ৰাষ্ট্ৰীয় -আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ অভিনেতা পবিত্ৰ ৰাভাক প্ৰদান কৰিব। বৃহস্পতিবাৰে সদৌ অসম ছাত্ৰ সন্থাৰ তৰফৰ পৰা আনুষ্ঠানিক ঘোষনা কৰাৰ লগে লগেই  তেখেতৰ জলাহস্থিত “আমাৰ গাৱত ” সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰন সম্পাদক জয়ন্ত কুমাৰ ভট্টাচাৰ্য্য উপস্থিত হৈ তেখেতক ফুলাম গামোচা শৰাই প্ৰদান কৰি আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰে। টংলা আঞ্চলিক ছাত্ৰ সন্থা, কলাইগাও আঞ্চলিক ছাত্ৰ সন্থা, ওদালগুৰি জিলা প্ৰেছ গিল্ড, টংলা প্ৰেছ ক্লাৱ, টংলা প্ৰেছ গিল্ড ৰ তৰফৰ পৰাও ফুলাম গামোচাৰে আদৰনি জনাই। 

Leave A Reply