ভাৰতীয় ক্ৰিকেট দলৰ নিৰ্বাচক কমিটিখন ভংগ কৰিবলৈ ওলাইছে বিচিচিআইয়ে। টি২০ বিশ্বকাপৰ চেমিফাইনেলত ৰোহিত বাহিনীয়ে মুখ ঠেকেচা খোৱাৰ পাছতে এই কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে ক্ৰিকেট বোৰ্ডখনে।
শুক্ৰবাৰে এই সিদ্ধান্ত লোৱা হৈছে। বিচিচিআইৰ ৱেবচাইটত এই সম্পৰ্কে বাৰ্তা দিয়া হৈছে। তাত নতুন নিৰ্বাচক হ’বলৈ ইচ্ছুক প্ৰাৰ্থীৰ আবেদন বিচৰা হৈছে।
উল্লেখ্য যে নিৰ্দিষ্ট ম্যাদ পূৰণ কৰাৰ পূৰ্বেই এনেদৰে চেতন শৰ্মাৰে গঠিত নিৰ্বাচক কমিটিখনক ভংগ কৰিলে বিচিচিআইয়ে। ইয়াৰ পূৰ্বে এনেদৰে কঠোৰ পদক্ষেপ লোৱা হোৱা নাছিল। কিন্তু বিশ্বকাপত শুভমন গীল, সঞ্জু চেমচনৰ দৰে প্ৰতিভাক বাদ দিয়া চেতন শৰ্মাৰ নিৰ্বাচক কমিটিখনৰ বিৰুদ্ধে এই পদক্ষেপ লোৱা হৈছে।
নতুন নিৰ্বাচকৰ বাবে আবেদন বিচাৰি বিচিচিআইয়ে ৱেবচাইটত লিখিছে যে পুৰুষ ক্ৰিকেট দলৰ বাবে পাঁচজন জাতীয় নিৰ্বাচক আহ্বান কৰা হৈছে। যোগ্যতা হিচাপে দেশৰ হৈ কমেও সাতখন টেষ্ট মেচ খেলিব লাগিব অথবা ৩০ খন প্ৰথম শ্ৰেণীৰ টেষ্ট মেচ, ১০ খন এদিনীয়া মেচ আৰু ২০ টি প্ৰথম শ্ৰেণীৰ এদিনীয়া মেচ খেলা প্ৰাক্তন ক্ৰিকেটাৰ হ’ব লাগিব।
তদুপৰি অন্ততঃ পাঁচ বছৰ পূৰ্বে অৱসৰ ল’ব লাগিব। ব’ৰ্ডৰ স’তে পূৰ্বে কোনো কামত পাঁচ বছৰ জড়িত হ’ব নালাগিব। ২৮ নৱেম্বৰৰ সন্ধ্যা ৬ বজালৈকে আবেদনকাৰীসকলে আবেদন কৰিব পাৰিব।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- ভাৰতৰ ৰাষ্ট্ৰপতিয়ে কলা ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে অসমৰ হেমচন্দ্ৰ গোস্বামীক আজি ‘পদ্মশ্ৰী’ প্ৰদান কৰে
- পশ্চিম নলবাৰীৰ ঐতিহ্যমণ্ডিত নতুন খেলুৱা কালী মন্দিৰত পঞ্চদশ বাৰ্ষিক কালী পূজা আৰু সভা মহোৎসৱত ভক্তৰ ভীৰ
- বৰ্ষাপাৰাত অনুষ্ঠিত হ’ব ২০২৩ৰ বিশ্বকাপ ক্ৰিকেট
- কামৰূপ (মহানগৰ) জিলাৰ মালয়বাৰীত আয়োজিত “পশুপালক সজাগতা শিবিৰ”ত অংশগ্ৰহণ মন্ত্ৰী অতুল বৰাৰ
- ২০২৩ বৰ্ষৰ স্বৰ্গীয় ভিটালী দাস সোঁৱৰণী বঁটা কন্ঠ শীল্পী জুবলী বৰুৱালৈ; উত্তৰ গুৱাহাটী সাংবাদিক সন্থাৰ উদ্যোগত বঁটা প্ৰদান অনুষ্ঠান
- সকলোকে সন্মান কৰো, আমাৰ ঘৰৰ সহায়কাৰীৰ ভৰিও চুই দিওঁ: ৰশ্মিকা
- এদিনীয়া বলাৰৰ ৰেংকিঙত শীৰ্ষ স্থান হেৰুৱালে ভাৰতৰ মহম্মদ ছিৰাজে
- ৪০ বছৰৰ পাছত এই ৰোগবোৰে নাৰীক আক্ৰমণ কৰিবলৈ আৰম্ভ কৰে, কেনেদৰে নিজৰ যত্ন ল’ব…
- ভাৰতৰ অৰ্থনীতি দ্ৰুত গতিত, দেশখনে আন্তঃগাঁথনিৰ সুবিধাৰ বাবে আমেৰিকা আৰু ইউৰোপতকৈ দুগুণ ব্যয় কৰিছে…
- উপাচাৰ্যসকলৰ ৰাষ্ট্ৰীয় সন্মিলনত ৫০০ উপাচাৰ্যৰ যোগদান ইউ এছ টি এমত…