Breaking

সাৱধান! বেড টি-এ আপোনাৰ জীৱনলৈ আনিব অন্ধকাৰ…

0 28

অকল ভাৰততে নহয়, বিশ্বৰ বহু দেশত ৰাতিপুৱা সাৰ পোৱাৰ পিছত চাহ একাপ খোৱাৰ অভ্যাস আছে। যাক সাধাৰণতে বেড টি বুলি কোৱা হয়, বহুতে চাহৰ অবিহনে থাকিব নোৱাৰে। কিন্তু বেড টি স্বাস্থ্যৰ বাবে ভাল নহয়। খাদ্য বিশেষজ্ঞৰ মতে যদি আপুনি ৰাতিপুৱা সাৰ পোৱাৰ পিছত খালী পেটত চাহ খায়, তেন্তে আপুনি বহু ক্ষতিৰ সন্মখীন হ’ব পাৰে।

ৰাতিপুৱা খালী পেটত চাহ খালে পেটৰ সমস্যা হ’ব পাৰে। চাহত থকা কেফেইনে পেটৰ বিষৰ সৃষ্টি কৰিব পাৰে আৰু এচিডিটিও বৃদ্ধি কৰিব পাৰে, যাৰ বাবে আপুনি বদহজম, কোষ্ঠকাঠিন্য আৰু পেটৰ বিষৰ সমস্যাত ভুগিব পাৰে।

ৰাতিপুৱা খালী পেটত চাহ খালে শাৰীৰিক পুষ্টিৰ পৰিমাণ কমি যাব পাৰে। চাহত থকা কেফেইনে আপোনাৰ ভোক দমন কৰিব পাৰে, যাৰ ফলত পুষ্টিকৰ উপাদানৰ সঠিক ভাৰসাম্যত প্ৰভাৱ পৰিব পাৰে।

ৰাতিপুৱা খালী পেটত চাহ খালে হৃদযন্ত্ৰৰ লগত জড়িত সমস্যাৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে। চাহত থকা কেফেইনৰ বাবে আপুনি উচ্চ ৰক্তচাপত ভুগিব পাৰে, যিটো হাৰ্ট এটেকৰ দৰে বিপজ্জনক ৰোগৰ প্ৰধান কাৰণ।

ৰাতিপুৱা খালী পেটত চাহ খালে পানীলগা হ’ব পাৰে। সঘনাই চাহ খালে আপোনাৰ প্ৰস্ৰাৱ বৃদ্ধি পায়। গতিকে খালী পেটত চাহ খাব নালাগে আৰু ইয়াৰ পৰিমাণ সীমিত কৰিব লাগে।

চাহে আমাৰ স্নায়ুতন্ত্ৰত বেয়া প্ৰভাৱ পেলায়, যাৰ ফলত মাইগ্ৰেইনকে ধৰি টোপনিৰ অভাৱ হ’ব পাৰে।

Leave A Reply