Breaking

সাৱধান হওক! এই সামান্য লক্ষণবোৰেই ৰূপ ল’ব পাৰে কেঞ্চাৰৰ…

0 47,889

কেঞ্চাৰ যিমানেই সোনকালে ধৰা পৰে সিমানেই সোনকালে চিকিৎসা কৰি মুক্ত হোৱাৰ সম্ভাৱনা থাকে। কেঞ্চাৰৰ প্ৰথম পৰ্যায়ত কেতবোৰ লক্ষণ দেখিলেও অনুমান কৰিব পাৰি। কেঞ্চাৰৰ নাম শুনিলেই সকলোৱে ভয় খায়। পৰিয়ালৰ কোনো লোক এই ৰোগৰ চিকাৰ হোৱাৰ কথা শুনিলে মূৰত সৰগ ভাগি পৰা যেন লাগে। বিশেষকৈ বংশানুক্ৰমে এই ৰোগ হয় বুলি আৰু আতংকিত হয় বহু লোক। কেঞ্চাৰ যিমানেই সোনকালে ধৰা পৰে সিমানেই সোনকালে চিকিৎসা কৰি মুক্ত হোৱাৰ সম্ভাৱনা থাকে। কেঞ্চাৰৰ প্ৰথম পৰ্যায়ত কেতবোৰ লক্ষণ দেখিলেও অনুমান কৰিব পাৰি। জানো আহক সেইবোৰ।

১. মূৰৰ যন্ত্ৰণা হ’লে সকলো সময়তে চকুৰ সমস্যা, ছানাছ বা মাইগ্ৰেইন বুলি নাভাৱিব। সকলো সময়তে কিন্তু এই সমস্যাবোৰ নহয়। প্ৰায়ে মূৰৰ বিষত ভুগি থাকিলে চিকিৎসকৰ পৰামৰ্শ লওক। অতিৰিক্ত মূৰৰ বিষে ব্ৰেইন টিউমাৰৰ ইংগিত দিয়ে।

২. প্ৰায়ে গেছৰ সময়ত কষ্ট হয় নেকি! বহুতেই ভাৱে খাদ্য হজমৰ বাবে এনে হয়। কিন্তু এই লক্ষণে অভাৰিৰ কেঞ্চাৰৰ ইংগিত দিয়ে।

৩. শৰীৰত প্ৰায়ে ৰঙা দাগ আৰু খজুৱতি হয়? অধিকাংশ সময়ত এইবোৰ পোকে কামোৰা বা এলাৰ্জী বুলি এৰাই চলা হয়। কিন্তু নিয়মিত এইবোৰ হৈ থাকিলে চিকিৎসকৰ পৰামৰ্শ লওক। এই সমস্যাই ব্লাড কেঞ্চাৰৰ ইংগিত দিয়ে।

৪. হঠাৎ ওজন কমি হ’লে সেয়া এৰাই নচলিব। অস্বাভাৱিকভাৱে হঠাৎ ওজন কমিলে চিকিৎসকৰ পৰামৰ্শ লওক। ওজন কমি যোৱাটো ষ্টমাক কেঞ্চাৰৰ অন্যতম লক্ষণ।

৫. মহিলাসকলে প্ৰায়ে লক্ষণ কৰিব স্তনৰ আকৃতিৰ পৰিৱৰ্তন হৈছে নেকি। এয়াও কেঞ্চাৰৰ অন্যতম লক্ষণ।

৬. অণ্ডকোষৰ আকৃতি হঠাৎ বৃদ্ধি পালে বা ফুলি গ’লে সাৱধান হওক। এই ধৰণৰ সমস্যা আওকাণ নকৰি চিকিৎসকৰ পৰামৰ্শ লওক।

৭. হঠাৎ ভৰি ফুলি যোৱাযো সকলো সময়তে সৰু সমস্যা নহ’বও পাৰে। সেয়ে এই ধৰণৰ সমস্যা থাকিলে চিকিৎসকৰ ওচৰলৈ যাওক।

Leave A Reply