Breaking

মটৰ বাইক-স্কুটি কিনোতে সাৱধান !

0 63

মটৰ বাইক-স্কুতি কিনোতে সাৱধান স্কুটি ক্ৰয় কৰি  প্ৰবঞ্ছনাৰ সন্মুখীন হৈছে টীয়ক ৰজাবাৰীৰ যুৱক । যি সময়ত ৰাজ্যৰ যান-বাহন আইন কঠোৰ কৰি জৰিমনা বিহিছে প্ৰশাসনে ঠিক সেই সময়ত হয় আপুনিও ঠগ প্ৰবঞ্ছনাৰ ভৰি দিব পাৰে নতুন জালত।বহুতৰে আশা এখন দুচকীয়া ক্ৰয় কৰা ,পিছে ৰ’ব এতিয়া দুচকীয়া কিনি ঠগ প্ৰবঞ্ছনাৰ সন্মুখীন হ’ব পাৰে আপুনি ।আপুনি কষ্টপাৰ্জিত ধনেৰে আধা মূল্য দি ঋণত ক্ৰয় কৰিছে হেঁপাহৰ বাহন খন । কিন্তু মাহেকৰ মূৰত তাৰিখ অনুযায়ী আদায় দিছে বেংকৰ ঋণ  ।

কিন্তু ঋণ প্ৰদান সঠিক ভাবে কৰি গৈছে যদিও আপোনাৰ দুচকীয়া বাহনৰ পঞ্জীয়ন প্ৰমাণ পত্ৰ নিদিয়াত এজন যুৱক হতাশাত পৰা পৰিলক্ষিত হৈছে । জানিব পৰা মতে টীয়ক কহাৰ  গাঁৱৰ ৰূপম কলিতাই টীয়ক হস্পিতেল তিনি আলিত অৱস্থিত দত্ত টি,ভি এছ ৰ পৰা দুবছৰ পূৰ্বে ক্ৰয় কৰা দুচকীয়া স্কুটি জুপিতাৰ বাহনত আজিও দিব পৰা নাই ৰেজিষ্টেচন কাৰ্ড( আৰ চি) যুৱকজনে সংবাদ মাধ্যমক জানিবলৈ দিয়া অনুসৰি সদায় কাৰ্ড বিচাৰি প্ৰবঞ্ছনাৰ সন্মুখীন হৈছে ৰূপম ।আজিলৈকে নম্বৰ প্লেট বিহীন বাহন খন লৈ কেইবাবাৰো জৰিমনা ভৰাৰ  লগতে আইনী জাননী আহি পৰাত হতাশ হৈ পৰিছে ৰূপম ,উপায় বিহীন হৈ সংবাদ মাধ্যমৰ কাষ চাপি ঘটনা বিৱৰিছে ৰূপমে।তেওঁ জানিবলৈ দিয়া অনুসৰি ৪০-৪৫ গ্ৰাহক বৰ্তমানো এই দত্ত প্ৰতিষ্ঠানৰ পৰা দুচকীয়া কিনি উপায়ন্তৰ হৈছে । এতিয়া প্ৰশ্ন হয় যি সময়ত হিমন্ত বিশ্ব নেতাধীন চৰকাৰ খনে যান বাহনৰ ওপৰত নীতি আৰোপ কৰিছে টীয়কৰ দৰে চহৰত এনে অবৈধ প্ৰতিষ্ঠান কি দৰে গঢ়ি উঠিছে  সেয়া সময়তে হ’ব লক্ষণীয় বিষয় ।

Leave A Reply