Breaking

নেমুৰ পুষ্টি আৰু ঔষধি গুণৰ বিষয়ে জানি আচৰিত হ’ব…

0 139

অসমীয়া মানুহৰ অতি প্ৰিয় আৰু নহ’লেই নোহোৱা ফলবিধেই হৈছে নেমুটেঙা । গৰমৰ দিনত নেমুৰ চৰবত এগিলাচৰ প্ৰয়োজন সকলোৱেই অনুভৱ কৰে । ঘৰৰ কাৰোবাৰ বমি ভাব আহিলে নেমুৰ পাত হাতেৰে মোহাৰি শুঙিবলৈ দিয়া পৰম্পৰা সমাজত এতিয়াও প্ৰচলিত আছে । পেটৰ অসুখ হ’লে কাচৰ বৈয়ামত নিমখত দিয়া অকণমান নেমু খালে ভাল হয় । নেমুটেঙা খাদ্যপ্ৰাণ ‘গ’ ৰ উৎকৃষ্ট উৎস । ১০০ গ্ৰাম নেমুৰ ৰসত ৫৩ মি:গ্ৰাম খাদ্যপ্ৰাণ ‘গ’ থাকে । ইয়াৰ উপৰি চাইট্ৰিক এচিড, পটাচিয়াম, কেলচিয়াম , ফছফৰাছ আদি নেমুত পোৱা যায় ।

*’স্কাৰ্ভি’ নামৰ দাঁতৰ ৰোগ প্ৰতিৰোধ কৰাত নেমুৱে সহায় কৰে । স্কাৰ্ভিত আক্ৰান্ত হ’লে দাঁতৰ আলু ফুলে আৰু সোপোকা হয় । দাঁতৰ গুৰিৰ পৰা তেজ ওলায় । নেমুৰ ৰসত নিমখ মিহলাই দাঁত ঘঁহিলে যথেষ্ট উপশম পোৱা যায় ।

*বদহজম, জ্বৰ আদি হোৱাৰ পাছত বা আন কোনো কাৰণত ভালদৰে বোক নলগা ভাব হ’লে নেমুৰ চৰবত খাই উপকৃত হ’ব পাৰি । ই তৃষ্ণা নিবাৰক, ৰক্ত পিত্তনাশক অগ্নিমান্দ্য, বাতবিষ, কাহ-কফ ৰোগ, কোষ্ঠবদ্ধতা, কণ্ঠ ৰোগনাশক আৰু জ্বৰনাশক ।

*যকৃত শুদ্ধিৰ বাবে নেমুৰ সমান আন ঔষধ হয়তো নাই । অজীৰ্ণ, বুকু জ্বলা পোৰা কৰা, অতিসাৰ, কলেৰা, টেঙা উগাৰ, কাহ, শ্বাস আদি ৰোগ নেমুৰ দ্বাৰা ভাল হ য় ।

*অতি কাঢ়াকৈ কফি বনাই তাত অলপ নেমু টেঙাৰ ৰস দি তিনিবাৰ খালে পুৰণি মেলেৰিয়া ৰোগ ভাল হয় । নেমুটেঙাৰ গছৰ শিপাৰ বাকলি চূৰ্ণক নেমু টেঙাৰ ৰসেৰে মৰ্দন কৰি বড়ি বনাই শুকাই থ’ব । এই বড়ি ৰাতিপুৱা ৩-৪ টা ঠাণ্ডা পানীৰ লগত খালে পেট ফুলা কমি যায় । এই বড়ি খুব বেছি এমাহ ৰাখিব পাৰিব । পাছত ই গুণহীন হয় ।

*শুকান আদা চূৰ্ণ, পিপলি চূৰ্ণ আৰু জালুক চূৰ্ণ প্ৰত্যেকৰে ১২৫ মিলিগ্ৰামকৈ লৈ ১০-২০ মিলিলিটাৰ নেমুটেঙাৰ ৰসৰ লগত দিনে দুবাৰকৈ খালে ৪-৫ দিনৰ ভিতৰতে জণ্ডিচ ৰোগ নাশ হয় ।

*জালুক চূৰ্ণ ৫০০ মিলিগ্ৰাম ১০-২০ মিলিলিটাৰ নেমুৰ ৰসৰ লগত দিনে দুবাৰকৈ খালে খোৱাৰ প্ৰতি ৰুচি আহে আৰু খোৱা আহাৰ সোনকালে হজম হয় ।

*নেমুটেঙাৰ ৰসৰ লগত গৰুৰ ঘি ভালদৰে মিহলি কৰি কপালত লেপ দিলে শিৰশূল নাশ হয় । নেমুটেঙাৰ ফুল এক গ্ৰাম চাউল ধোৱা পানীৰে বটি দিলে ৩-৪ বাৰ সেৱন কৰিলে ৰক্তপিত্ত ৰোগ নিবাৰণ হয় ।

*নেমুটেঙাৰ ৰস ৫ মিলিলিটাৰ ২৫ মিলিলিটাৰ পানীৰ লগত দিনে দুবাৰকৈ সেৱন কৰিলে অম্লপিত্তজনিত উদৰশূল নাশ হয় ।

*নেমুটেঙাৰ ৰস ১০-২০ মিলিলিটাৰ, অকণমান সৈন্ধৱ লোণ মিহলি কৰি প্ৰায় ২৫ বাৰ খালে হেকতি অহা ৰোগ প্ৰশমন হয় ।

*জ্বৰ বা পানী লগাত নেমুৰ ৰস খোৱাটো উত্তম । নেমুৰ ৰসত মৌ মিহলাই খালে শুকান কাহ, পানীলগা জ্বৰ ভাল হয় । নেমুৰ ৰসত থকা ভিটামিন ‘চি’ য়ে দেহৰ প্ৰতিৰক্ষা শক্তি বঢ়ায় ।

*টনচিলাই টিছত এগিলাচ গৰম পানীত এটা নেমুৰ ৰস চাৰি চাহ চামুচমান মৌ আৰু সামান্য নিমখ মিহলাই পি খালে উপশম পোৱা যায় ।

*নেমুৰ চৰবত যথেষ্ট টান ৰ’দত ৰাখি বায়ু সোমাব নোৱাৰাকৈ বটলত সাঁফৰ মাৰি ছমাহ পৰ্যন্ত ৰাখিব পাৰি ।

লেখক :- অনিল চন্দ্ৰ শৰ্মা ।

Leave A Reply