Breaking

বেলেন’ বাহনেৰে গৰু চুৰ কৰিবলৈ আহি কলিয়াবৰত গৰুচোৰৰ বিলৈ

0 37

কলিয়াবৰৰ শালনা চাহ বাগিচাৰ লেংটেঙত নিশা উত্তপ্ত পৰিস্থিতি। বিলাসী বাহনত গৰু চুৰি কৰি ৰাইজৰ ৰোষত গৰু চোৰৰ দল। উত্তেজিত লোকে ভাঙিলে বিলাসী কিয়া আৰু বেলেন’ বাহন। ৰাইজৰ প্ৰহাৰত আহত দুজন গৰুচোৰ।
সোমবাৰে নিশা কলিয়াবৰৰ শালনা আৰক্ষী চকীৰ অধীনস্থ ২ নং হাচপানীৰ মাজলী গড় নামৰ মহিলা গৰাকীৰ ঘৰৰ পৰা ৫টাকৈ গৰু চুৰি কৰি উধাও হ’বলৈ লওঁতেই স্থানীয় লোকে গম পায় পিছ লয় গৰু চোৰৰ দলৰ।

স্থানীয় ৰাইজৰ খেদাত বিলাসী বাহনৰে তীৱ্ৰ গতিত পলাবলৈ চেষ্টা কৰোতেই লেংটেং চাহ বাগিচাৰ শালবাৰীত বিপৰীত দিশৰ পৰা আহি থকা এখন খালী মালবাহী বাহনত খুন্দা মাৰি দুৰ্ঘটনাগ্ৰস্ত হয় কিয়া বাহনখন। লগে-লগে কিয়া বাহনখনৰ পৰা চোৰকেইটা ওলাই পলাবলৈ চেষ্টা কৰোতেই স্থানীয় ৰাইজে খেদি খেদি আটক কৰিবলৈ সক্ষম হয় দুটা গৰু চোৰক। উত্তেজিত ৰাইজে ধ্বংসপ্ৰাপ্ত কৰে এই এছ ০৩ এ কে ৫১৫৭ নম্বৰৰ কিয়া (KIA) বাহনখন। একে সময়তে গৰু চুৰি কৰি অনা এখন নম্বৰ প্লেট বিহীন বেলেন’ বাহনৰো ক্ষতিসাধন কৰে ৰাইজে। কিন্তু পলাই সাৰে বেলেনোখনত অহা গৰু চোৰৰ দলৰ কেইবাজনো সদস্য।

কিয়া বাহনখনৰ পৰা ২টা আৰু বেলেনো বাহনখনৰ পৰা ৩টা গৰু উদ্ধাৰ কৰে আৰক্ষীয়ে। আনহাতে, উত্তেজিত ৰাইজৰ প্ৰহাৰত আহত হোৱা গৰু চোৰ দুটাক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। ধৃত গৰু চোৰ দুটা বৰঘাট চামগুৰিৰ বাহাৰুল ইছলাম আৰু কনুৱামাৰীৰ চৰিফুল ইছলাম বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে।

Leave A Reply