অসম ছাত্ৰ পৰিষদৰ উদ্যোগত অনুষ্ঠিত কলেজ ভিত্তিত ফুটবল প্ৰতিযোগিতাত বেলতলা কলেজ জুনিয়ৰ দলে দখল কৰিলে চেম্পিয়নৰ খিতাপ
গুৱাহাটীৰ দক্ষিণ বেলতলা স্কুল খেলপথাৰত অসম ছাত্ৰ পৰিষদ বেলতলা কলেজ গোটৰ উদ্যোগত অনুষ্ঠিত হয় কলেজ ভিত্তিত ফুটবল প্ৰতিযোগিতা।
যোৱা ৫ জুনৰ পৰা তিনিদিনীয়াকৈ আয়োজিত এই প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাৰ ফাইনেল অনুষ্ঠিত হয় ৭ জুন, বুধবাৰে । খিতাপ যুঁজত বেলতলা কলেজ জুনিয়ৰ দলে মেঘালয়ৰ ৰিভয় জিলাৰ জৰবিল কলেজক ৪-০ গ’লৰ পৰিস্কাৰ ব্যৱধানত পৰাস্ত কৰে ।
মুঠ ১০ খন কলেজ দলে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাৰ চেম্পিয়ন দলে ট্ৰফীসহ ১১,০০১ টকা আৰু ফাইনেলিষ্ট দলে ট্ৰফীসহ ৬,০০১ টকা লাভ কৰে ।
প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈ বেলতলা কলেজ জুনিয়ৰৰ ৰাজু প্ৰসাদে লাভ কৰে ১,০০১ টকা ।

ফাইনেলৰ আৰম্ভণিতে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত, অসম চাইক্লিং সন্থাৰ সম্পাদক ড° তপন দাস, যুটীয়া সম্পাদক দিব্যজ্যোতি ৰাজখোৱা, অসম ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি অপূৰ্ব দাসক দুয়ো দলৰ খেলুৱৈৰ সৈতে পৰিচয় কৰাই দিয়া হয়।