Breaking

মানিমুনি শাকৰ উপকাৰিতা

0 14,063

মানিমুনি এবিধ বনৌষধি উদ্ভিদ ৷ ইয়াৰ বৈজ্ঞানিক নাম চেনটেলা ত্ৰিছয়াটিকা ৷ এইবিধ উদ্ভিদ সাধাৰণতে জেকা সেমেকা মাটিত হোৱা জলজ উদ্ভিদ ৷ ই একেলগে থূপ পাতি থাকে ৷ গা-গছৰ ঠাৰিডাল দীঘল হয় ৷ ফুলনিৰ বাগিচা, জলাশয় বা পুখুৰীৰ পাৰ আদিত ইয়াক সহজে পোৱা যায় ৷ ইয়াৰ পাতবোৰ খাজ কটা, সৰু, মিহি ৷ বৰ্তমান ঋতুত অতি সুলভ মানিমুনি শাক আমাৰ শৰীৰৰ বাবে খুবেই দৰকাৰী ৷ বিশেষকৈ, পেটৰ যিকোনো বেমাৰৰ বাবে ই এবিধ মহৌষধ হিচাপে কাম কৰে ৷ মানিমুনি শাকৰ ৰস নিয়মীয়াকৈ খালে পেটৰ অসুখত কোনোদিনে ভুগিব নালাগে ৷ কেৱল মাত্ৰ পেটৰ অসুখতে নহয়, আলচাৰ, হাপানিৰ লগতে চৰ্ম ৰোগৰ বাবেও মানিমুনি শাক খুবেই অত্যাৱশ্যকীয় পথ্য ৷ মানিমুনি শাকে মস্তিষ্কৰ কোষবোৰ গঠনত সহায় কৰে ৷ বিভিন্ন কাৰণত আমাৰ শৰীৰৰ মৃত কোষৰ বাবে ছালখন শুকান হ’বলৈ ধৰে, মানিমুনি শাকৰ ৰসে মৰিবলৈ ধৰা কোষবোৰ পুনৰ গঠন কৰি ছালখন সজীৱ কৰি তোলে ৷ মানিমুনি শাকে স্নায়ুতন্ত্ৰ সক্ৰিয় কৰি তোলাত সহায় কৰে ৷

এইবিধ শাক খালে আমাৰ চুলি পকা, সৰা আদি বন্ধ হয় ৷ দেহত কোনো পুৰণি ক্ষতস্থান থাকিলে ইয়াৰ ৰস ব্যৱহাৰ কৰিলে নিৰাময় পোৱা যায় ৷ মানিমুনি ৰসে স্বাস্থ্য সতেজ কৰাৰ উপৰি আমাৰ যৌৱন ধৰি ৰখাতো সহায় কৰে ৷ আমি পৰাপক্ষত মানিমুনি শাক খাই আমাৰ শৰীৰক সুস্থ-সতেজ কৰি ৰাখিব পাৰোঁ ৷

Leave A Reply