Breaking

পূৰৱ শৰ্মালৈ শ্ৰেষ্ঠ চিনেমেটোগ্ৰাফাৰৰ সন্মান

0 2,052

ইষ্টানবুল আন্তঃৰাষ্ট্ৰীয় চুটি ছবি প্ৰতিযোগিতাত চুটি ছবি  ‘অনীহা’ৰ বাবে পূৰৱ শৰ্মাই শ্ৰেষ্ঠ চিনেমেটোগ্ৰাফাৰ পুৰস্কাৰ লাভ কৰে। পূৰৱ যোৰহাট স্পীঙ ডেল হাইস্কুলৰ দশম শ্ৰেণীৰ ছাত্ৰ। যোৰহাটৰ এন্ জে প্ৰডাকচনৰ বেনাৰত নয়ন জ্যোতি শৰ্মাৰ প্ৰযোজনাত নিৰ্মিত চুটি ছবি “অনীহা”ই ইতিমধ্যে কেইবাটাও ৰাষ্ট্ৰীয় আৰু আন্তঃ ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত পুৰস্কাৰ বুটলিবলৈ সক্ষম হৈছে। অহা ৬, ৭ আৰু ৮  নৱেম্বৰত বাংগালোৰত অনুষ্ঠিত হ’ব লগীয়া ৰাষ্ট্ৰীয় চুটি ছবি মহোৎসৱত অনীহাই ইতিমধ্যে মুঠ নটা শিতানত মনোনয়ন লাভ কৰিছে আৰু ইয়াৰ  মূল এৱাৰ্ড অনুষ্ঠান অহা ৭ নবেম্বৰত বাংগালোৰত অনুষ্ঠিত হ’ব। ইয়াৰ বাবে প্ৰযোজকে বিশেষ  নিমন্ত্ৰণ লাভ কৰিছে আৰু উপস্থিত থাকিব।যোৱা ৫ জুনত পৰিৱেশ দিৱসৰ দিনা মুক্তি পোৱা ছবিখনৰ কাহিনী আৰু পৰিচালনা পূৰৱ শৰ্মা আৰু মৃগাংক মাইনা, চিনেমেটোগ্ৰাফাৰ আৰু ড্ৰণ পৰিচালনা পূৰৱৰ আৰু সম্পাদনা মৃগাংকৰ। সংগীত মুম্বাইৰ সপোন শইকীয়াৰ। সহযোগী পায়েল শৰ্মা। সাম্প্ৰতিক কালৰ পৰিৱেশ সম্পৰ্কীয় এক বাস্তৱ কাহিনীৰ আধাৰত নিৰ্মিত চুটি ছবিখনত অভিনয়ত আছে মানবেন্দ্ৰ শৰ্মা,চন্দন ঠাকুৰ, বিনোদ গগৈ, পাৰ্থ প্ৰতীম শৰ্মা আৰু আশাতৰা শৰ্মা।

Leave A Reply