সুৰাপায়ীসকল সাৱধান ! ৫ ছেকেণ্ডতে যন্ত্রত ধৰা পৰিব সুৰাপায়ী, আবকাৰী হাতত অত্যাধুনিক এলক’পেট্ৰ’ল ব্ৰেথ এনালাইজাৰ

দৈনন্দিন বাৰ্তা ডিজিটেল ডেস্কঃ সুৰাপায়ী সকল এতিয়াৰ পৰা সাৱধান হওক। বৰ্তমান অত্যাধুনিক এলক’পেট্ৰ’ল ব্ৰেথ এনালাইজাৰৰ গৰাকী হৈ পৰিছে আবকাৰী বিভাগ । এই অত্যাধুনিক যন্ত্ৰৰ সহায়ত কোন ব্যক্তিয়ে সুৰাপান কৰি আছে সেয়া দূৰৰ পৰাই মাত্ৰ ৫ ছেকেণ্ডতে জানিব পৰা যাব। আবকাৰী বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্য আৰু বিভাগটোৰ আয়ুক্ত ৰাকেশ কুমাৰৰ বিশেষ প্ৰচেষ্টাত ২৫০ টা উপযোগী অত্যাধুনিক ব্ৰেথ এনালাইজাৰ মেচিন আবকাৰী বিভাগে ক্ৰয় কৰিবলৈ সক্ষম হয়। হংকঙৰ এটি বিশ্ব বিখ্যাত প্ৰতিষ্ঠিত কোম্পানীয়ে প্ৰস্তুত কৰা এই যন্ত্র বিশ্বৰ বহু কেইখন উন্নত দেশসমূহে ব্যৱহাৰ কৰি আহিছে। এলক’পেট্ৰ’ল নামৰ চাৰ্জিঙৰ ব্যৱস্থা থকা এই মেচিনত কেমেৰা সংলগ্ন হৈ থকাৰ লগতে থাৰ্মেল প্ৰিণ্টাৰো আছে। দীৰ্ঘদিন ধৰি আবকাৰী বিভাগে এনে অত্যাধুনিক যন্ত্ৰৰ অভাৱ অনুভৱ কৰি আহিছিল। এতিয়া আবকাৰী বিভাগৰ এক দীৰ্ঘদিনীয়া অভাৱ পূৰণ হ’ল। ইতিমধ্যে জিলা সমূহৰ আবকাৰী বিভাগৰ কাৰ্যালয়লৈ এই অত্যাধুনিক মেচিন প্ৰদানৰ ব্যৱস্থা কৰা হৈছে যাৰ জৰিয়তে মেচিনটোৰ সহায়ত ক্ষিপ্ৰতাৰে ৰাজহুৱা স্থানত আইন উলংঘা কৰি সুৰাপান কৰাসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰাতো সহজ হৈ পৰিব। কিয়নো এই অত্যাধুনিক ব্ৰেথ এনালাইজাৰ মেচিনটোৱে মাত্ৰ ৫ ছেকেণ্ডতে ফলাফল দিয়ে, এইদৰে মন্তব্য কৰে আবকাৰী বিভাগৰ জনসংযোগ বিষয়া শৈলন্দ্ৰ পাণ্ডেই।

বাতৰি যোগুতালেঃ জ্যোতিস্মান শৰ্মা

Related Articles