Breaking

ভকত শিৰোমণি শ্ৰীশ্ৰী হৰেকৃষ্ণ মহন্তলৈ সমাজ প্ৰভাকৰ উত্তৰ পুৰুষ বঁ‌টা

0 272

দৈনন্দিন বাৰ্তাৰ সেৱা, গুৱাহাটী, ৯ নৱেম্বৰঃ জীৱনৰ অপৰাহ্ণ পৰত মই আজি পোৱা এই বিশেষ সন্মানে মোক অভিভূত কৰি তুলিলে; নানা ঘাত-প্ৰতিঘাতৰ মাজেৰে সত্ৰ প্ৰতিষ্ঠা কৰি সমাজ সংস্কাৰৰ নিমিত্তে জীৱনটো উছৰ্গা কৰি আজি মই বহু সন্মান পালোঁ‌;এই অভাজনক মৰম-চেনেহৰ ওপচাই দিয়াত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ গুৰুজনাৰ আদৰ্শক আখৰে আখৰে পালন কৰি আমি প্ৰতিষ্ঠা কৰা সত্ৰই যেন এক স্বীকৃতি পালে।’–ভকত শিৰোমণি হৰেকৃষ্ণ মহন্ত বাপ আতাই প্ৰয়াত অনিল বৰঠাকুৰ সমাজ প্ৰভাকৰ উত্তৰ পুৰুষ বঁ‌টা-২০২০ গ্ৰহণ কৰি এইদৰে কয়। উল্লেখ্য যে যোৱা ৮ নৱেম্বৰ তাৰিখ দেওবাৰে ওদালগুৰি জিলাৰ বৰঙাজুলি সত্ৰত “উত্তৰ পুৰুষৰ মঞ্চ” অসমৰ উদ্যোগত এই বঁ‌টা প্ৰদান কৰা হয়।

৩৩ খনকৈ সত্ৰ স্থাপন কৰা ৯৭ বছৰীয়া শ্ৰদ্ধাৰ সত্ৰাধিকাৰ মহন্তদেৱক এই বঁ‌টাত ফুলাম গামোচা, এখন চেলেং চাদৰ, এটি বকুল গছৰ পুলি, নগদ দহ হেজাৰ টকা, এখন সম্বৰ্ধনা পত্ৰ, এটি স্মাৰক, এটি মঞ্চৰ পৰা প্ৰকাশিত কিতাপৰ টোপোলা,স্মৃতিগ্ৰন্থ উত্তৰ পুৰুষ,এটি শৰাই,ফুলাম জাপি,মঞ্চৰ অংগ বস্ত্ৰ,পান তামোল  আদি আগবঢ়োৱা হয়। ওদালগুৰি জিলাৰ উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলীয়াই গছপুলি  ৰোপণেৰে আৰম্ভ কৰা কাৰ্য্যসূচীত বিশিষ্ট সাহিত্যিক,প্ৰাক্তন উপায়ুক্ত থানেশ্বৰ মালাকাৰ,সাংস্কৃতিক কৰ্মী লেখক গোপাল জালানেও গছপুলি ৰুই সেউজী ধৰণী ধুনীয়া কৰিবলৈ সংকল্পবদ্ধ  হয়। সংকল্প পাঠ কৰাই মঞ্চৰ কাৰ্য্যকৰী সভাপতি ৰীনা বুঢ়াগোঁ‌হাই বৰুৱাই।”আমাক হেজাৰখন হাত লাগে,যাৰ মন এটাই” শীৰ্ষক আপ্তবাক্যৰে জনমানসত অনেক দৃষ্টান্তমূলক কামৰ বৰঙনি আগবঢ়োৱা উত্তৰ পুৰুষৰ মঞ্চৰ মুখ্য সম্পাদক তথা বিশিষ্ট নিবন্ধকাৰ কবি দিবাকৰ ৰেণুৱে মংগলাচৰণ ধ্বনি কৰা অনুষ্ঠানটোত প্ৰয়াত অনিল বৰঠাকুৰৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন,পুষ্প মাল্যাৰ্পণ কৰে তেখেতৰ সহধৰ্মিনী দীপামণি বৰঠাকুৰে।

উত্তৰ পুৰুষৰ মঞ্চৰ যুটীয়া সাধাৰণ গৌতম হালৈয়ে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰা,আন এগৰাকী সাধাৰণ সম্পাদক স্পন্দন পলাশে গুৰু বন্দনা কৰা অনুষ্ঠানটোত ওদালগুৰি জিলাৰ উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলীয়া কয়-‘ সঁ‌চাকৈয়ে আজিৰ অনুষ্ঠানটোৰ মহত্ত্বই বেলেগ,এটা বৰ সুন্দৰ অনুষ্ঠানৰ ভাগ্যক্ৰমে আজি সাক্ষী হৈ ৰ’লোঁ‌; এনে  পূৰোধা ব্যক্তি সঁ‌চাকৈয়ে সন্মান পোৱাৰ যোগ্য।বাপ হৰেকৃষ্ণ মহন্ত আতাইয়ো  যথেষ্ট কষ্ট, ত্যাগ স্বীকাৰ কৰিলৈ সমাজ সংস্কাৰৰ কৰিলে। মঞ্চৰ অন্যতম সদস্য নব ডেকাই বৰগীত পৰিৱেশন কৰা অনুষ্ঠানটোত নিৰঞ্জন বড়ো, জ্যোতিপ্ৰসাদ বৰুৱা, উমেশ চন্দ্ৰ ৰাভা, অনিৰূদ্ধ ভৰালী, উদয় চন্দ্ৰ বৰুৱা,গুৰু প্ৰসাদ বায়ন,দ্বীপেন ডেকা, ধীৰেন মহলীয়া, দীপক ডেকা, গণেশ ডেকা, মুকেশ  ডেকাকে ধৰি আন বহু জনকো মঞ্চৰ তৰফৰ পৰা উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰা হয় সোণসেৰীয়া অনুষ্ঠানটোত। উত্তৰ পুৰুষৰ মঞ্চৰ শীৰ্ষক সংগীতেৰে সকলো সদস্যই পৰিৱেশন কৰা অনুষ্ঠানটোত এক মিনিট সময় অতিমাৰী ক’ৰোনাত এই ধৰা ধামৰ পৰা বিদায় লোৱা লোক সকলৰ স্মৃতিত বিদেহ আত্মাক সুঁ‌ৱৰি মৌনতা অৱলম্বন কৰা হয়। উত্তৰ পুৰুষৰ মঞ্চৰ পঞ্জীয়ন কমিটিৰ সভানেত্ৰী ড°অনিমা বৰা, ববিতা বৈশ্য লহকৰ,ডা°বিজুজ জাহান চালেহা বেগম উপস্থিত থকা অনুষ্ঠানটোত শলাগৰ শৰাই আগবঢ়াই বিশিষ্টা লেখিকা তথা মঞ্চৰ কাৰ্য্যকৰী সভাপতি ৰীনা বুঢ়াগোঁ‌হাই বৰুৱাই।মঞ্চৰ জন্মদাতা তথা লাই খুটা স্বৰূপ দিবাকৰ ৰেণুৱে যুগুতাই অনা প্ৰয়াত অনা প্ৰয়াত অনিল বৰঠাকুৰদেৱৰ জীৱন পৰিক্ৰমা লিখিত ৰূপত পাঠ কৰে মঞ্চৰ সাহিত্য সম্পাদক হৰেকৃষ্ণ হালৈয়ে।

ক’ভিড প্ৰট’কলৰ মাজতো প্ৰায় অৰ্ধশতকতকৈ অধিক জনাকীৰ্ণ সভাখনত উত্তৰ পুৰুষৰ মঞ্চৰ প্ৰচাৰ সম্পাদক প্ৰনৱ কলিতা, মনু দেৱী, অনাতাৰ শিল্পী শিখামণি দত্ত, সদস্য দীপক ডে, দুই  কিশোৰ ক্ৰমে অহিৰণ অন্তৰীপ, দীপাংশু প্ৰিয়ম, শিৱন্যা, ডিম্পী নাথ, কবিতা ডি ৰেণু, আদি বহুতো উত্তৰ পুৰুষৰ বিষয়ববীয়া তথা সদস্য উপস্থিত থাকে। মঞ্চৰ অন্যতম সাহিত্য সম্পাদক তথা জোনাক মাহেকীয়া আলোচনীৰ  মুখ্য সম্পাদক কবি পুলকেশ ৰায় বৰুৱাই আঁ‌ত ধৰা এই মনোজ্ঞ অনুষ্ঠানটো অসম সংগীত পৰিৱেশনেৰে সামৰণি মৰা হয়। বৰঙাজুলি অঞ্চলৰেই নহয়, অসমৰ বৈষ্ণৱ সংস্কৃতিৰ এক অন্যতম পিতামহ ভকত শিৰোমণি শ্ৰীশ্ৰীহৰেকৃষ্ণ মহন্ত আতাক প্ৰয়াত অনিল বৰঠাকুৰ বঁ‌টাৰে সন্মান জনোৱা উত্তৰ পুৰুষৰ মঞ্চৰ দৃষ্টান্তমূলক কাৰ্য্যক সৰ্বস্তৰৰ ৰাইজে সাধুবাদ দিছে।

Leave A Reply