Breaking

ভাৰতীয় জনতা পাৰ্টী অসম প্ৰদেশৰ মাহেকীয়া মুখপত্ৰ “অসমীয়া বিজেপি বাৰ্তা” উন্মোচন

0 1,575

“অসমীয়া বিজেপি বাৰ্তা” মুখপত্ৰখন তৰুণৰাম ফুকন প্ৰেক্ষাগৃহত উন্মোচন কৰা হয়।৬৮ সংখ্যক অসমীয়া বিজেপি বাৰ্তাৰউন্মোচনী সভাত অংশ গ্ৰহণ কৰে বিজেপিৰ অসম প্ৰদেশৰ সভাপতি ভৱেশ কলিতা, অভিভাৱক মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, জিলা সভাপতি অনিল কুমাৰ দাস,বিজেপিৰ বাৰ্তাৰ সম্পাদক জিতেন শৰ্মা লগতে বিজেপিৰ কৰ্মকৰ্তা সকল।

এই গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট শিক্ষাবিদ সত্য কুমাৰ মিশ্ৰই।উন্মোচনী সভাত অংশ গ্ৰহণৰ অন্তত সংবাদ মাধ্যমৰ আগত বিজেপিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতাই এ আই ইউ ডি এফ আৰু কংগ্ৰেছ দলৰ তীব্ৰ কটাক্ষ কৰে ৷এ আই ইউ ডি এফ ভাৰত বিৰোধী দল ৷ এই দলৰ সদস্য সকলে ত্ৰিৰংগ পতাকা উত্তোলনতো বিৰোধিতা কৰে ৷ এই দলটোৰ ভাৰতৰ মাটিৰ গোন্ধৰ প্ৰতি জলবাযুৰ প্ৰতি কোনো চিন্তাধাৰা নাই ৷আনহাতে কংগ্ৰেছ দলক আক্ৰমণৰ লক্ষ্য কৰি তেও কয় যে, কংগ্ৰেছ দলে ভৰিৰ তলৰ মাটি হেৰুৱাই পেলাইছে৷

কংগ্ৰেছৰ বাবেই এ আই ইউ ডি এফে ৰাজ্যত খোপনি পুতিবলৈ সক্ষম হৈছেে ৷ইপিনে ৰাজ্যত জেহাদী কাৰ্যকলাপ প্ৰসংগত ভবেশ কলিতাৰ বিস্ফোৰক মন্তব্য-এ আই ইউ ডি এফ আৰু কংগ্ৰেছ দল জেহাদীৰ পৃষ্ঠপোষক ৷ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰে জেহাদিক পলি পোখালিৰে উভালি পেলাৱ বুলি ভবেশ কলিতাই মন্তব্য কৰে।

বৰপেটাৰ পৰা নিখিল দাসৰ প্ৰতিবেদন

Leave A Reply