Breaking

ভাৰতীয় জনতা পাৰ্টিৰ অভূতপূৰ্ব বিজয় মোদী গেৰাণ্টীৰ এক শক্তিশালী প্ৰতিফলন: কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

0 47

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দেওবাৰে মধ্যপ্ৰদেশ, ৰাজস্থান আৰু ছত্তীশগড়ত বিজেপিৰ অভূতপূৰ্ব ফলাফলত আনন্দ প্ৰকাশ কৰি কয়, “মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বলিষ্ঠ নেতৃত্বত কল্যাণকামী আঁচনিসমূহে সৰ্বস্তৰৰ লোককে উপকৃত কৰিছে আৰু দেশৰ উন্নয়নৰ যাত্ৰাক শক্তিশালীৰূপত আগুৱাই নিছে।

-এতিয়া জনসাধাৰণে সামাজিক সুৰক্ষা আৰু অৰ্থনৈতিক বিকাশৰ এক নতুন দিগন্তৰ সাক্ষী হৈছে আৰু সকলোৱে সন্মান তথা মৰ্যাদাসহকাৰে জীৱন নিৰ্বাহ কৰাৰ মনোবল লাভ কৰিছে। মোদী ডাঙৰীয়াৰ বিগত ৯বছৰৰ গেৰাণ্টীসমূহ সফলভাৱে ৰূপায়ণ হৈছে। সেয়েহে সকলো শ্ৰেণীৰ জনতাৰ বিশ্বাস, আস্থা ভাৰতীয় জনতা পাৰ্টিৰ ওপৰত সম্পূৰ্ণৰূপে অটুট আছে। ভাৰতীয় জনতা পাৰ্টিৰ অভূতপূৰ্ব বিজয় মোদী গেৰাণ্টীৰ এক শক্তিশালী প্ৰতিফলন।”

আনহাতে সোণোৱালে কয়, “কংগ্ৰেছৰ দুৰ্নীতি, পৰিয়ালতন্ত্ৰ, ভ্ৰষ্টাচাৰ আৰু অপশাসনৰ ইতিহাস তথা মিথ্যাচাৰৰ ঘটনাৰাজিৰ বাবে জনতাই তেওঁলোকক প্ৰত্যাখ্যান কৰিছে।

তাৰ বিপৰীতে উন্নয়নক প্ৰাধান্য দি এক নৱজাগৰণৰ সূচনা কৰা বিজেপি দলক আঁকোৱালি লৈছে। মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ শক্তিশালী নেতৃত্বত ভাৰতে পঞ্চম বৃহৎ অৰ্থনীতিলৈ ৰূপান্তৰিত হোৱাৰ লগতে ২০৪৭চনৰ ভিতৰত আত্মনিৰ্ভৰ হোৱাৰ লক্ষ্য লৈছে। দেশত সুশাসন, উন্নয়ন আৰু শান্তিৰ এক নতুন যুগৰ সূচনা কৰা বিজেপিৰ প্ৰতি অকুণ্ঠ সমৰ্থন অটুট ৰখাৰ বাবে সৰ্বস্তৰৰ জনতাকে আন্তৰিক কৃতজ্ঞতা জনালোঁ আৰু বিজয়ৰ এইক্ষণত মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদী ডাঙৰীয়া, বিজেপিৰ মাননীয় ৰাষ্ট্ৰীয় অধ্যক্ষ শ্ৰীজেপি নড্ডা ডাঙৰীয়া আৰু মাননীয় গৃহমন্ত্ৰী শ্ৰীঅমিত শ্বাহ ডাঙৰীয়াক উষ্ম অভিনন্দন জ্ঞাপন কৰিছোঁ। লগতে বিজেপি বিজয়ী ৰাজ্যকেইখনৰ কাৰ্যকৰ্তাসকলকো উষ্ম অভিনন্দন জ্ঞাপন কৰিছোঁ। এয়া প্ৰকৃতাৰ্থতে এখন নতুন আৰু অগ্ৰগামী ভাৰতৰ প্ৰতিচ্ছবি।”

Leave A Reply