Breaking

ভাৰতীয় জনতা যুৱ মৰ্চাৰ কাৰ্যকৰ্তা সকলে ৪০ খন জিলাতে শ্বহীদ স্মাৰক, ধৰ্মীয় অনুষ্ঠান, ইতিহাস প্ৰসিদ্ধ স্থানত স্বচ্ছতা কাৰ্য্যসূচী ৰূপায়ণ কৰে।

0 1,082

শ্বহীদ ভগৎ সিং, ৰাজগুৰু আৰু সুখদেৱক স্মৰণ কৰি আজি সমগ্ৰ অসমতে ভাৰতীয় জনতা যুৱ মৰ্চাৰ কাৰ্যকৰ্তাসকলে বিজেপিৰ 40খন সাংগঠনিক জিলাতে বিভিন্ন শ্বহীদ স্মাৰক, ধৰ্মীয় অনুষ্ঠান, ইতিহাস প্ৰসিদ্ধ স্থান সমূহত স্বচ্ছতা কাৰ্য্যসূচী ৰূপায়ণ কৰে ।ভাৰতীয় জনতা যুৱ মৰ্চা দক্ষিণ গুৱাহাটী মণ্ডলৰ উদ্যোগত সনাতন ধৰ্ম নামঘৰতো এক স্বচ্ছতা অভিযান অনুষ্ঠিত কৰা হয়।
এই অনুষ্ঠানত উপস্থিত আছিল ভাৰতীয় জনতা যু্ৱ মৰ্চা,অসম প্ৰদেশৰ মাননীয় সভাপতি সিদ্ধাঙ্কু অংকুৰ বৰুৱা , ৰাজ্যিক সাধাৰণ সম্পাদক হিমাংশু শেখৰ বৈশ্য ডাঙৰীয়া, গুৱাহাটী মহানগৰ জিলা যুৱ মৰ্চাৰ সভাপতি নিহাৰেন্দ্ৰ শৰ্মাকে ধৰি বিভিন্ন বিষয়ববীয়াসকল ।


উল্লেখ্য যে , আজিৰ দিনটোতে ভগৎ সিঙ, ৰাজগুৰু, আৰু সুখদেৱক বৃটিছে ফাচিকাঠত ওলোমাই হত্যা কৰিছিল ।

Leave A Reply