Breaking

অনুভৱৰ বোকোচাত গ্ৰাম্য সাংবাদিকতাৰ পিতামহ স্বৰূপ ভৱেশ বৰুৱা

0 2,019

গ্ৰাম্য সাংবাদিকতাৰ পিতামহ স্বৰূপ ভৱেশ বৰুৱা আৰু নাই। মফছলীয় সাংবাদিকতাৰ অন্য এক সংগ্ৰামী সত্ত্বা আছিল যাৰ পৰিচয়, ত্যাগ আৰু সততাৰ দলিল আছিল ভৱেশ বৰুৱা। সেইগৰাকী বৰুৱাদেৱৰ যোৱা ১৭ নৱেম্বৰৰ নিশা আজাৰাৰ ডেকাপাৰাস্থিত নিজ বাসভৱনত বাৰ্ধক্যজনিত কাৰণত দিৰ্ঘদিন ধৰি শয্যাগত হৈ থকাৰ পিছত ৮৫ বছৰ বয়সত পৰলোক প্ৰাপ্তি ঘটে। আজীৱন দুখীয়া-নিছলাৰ হকে কাম কৰি অহা সমাজ হিতৈষী , লেখক তথা জ্যেষ্ঠ সাংবাদিক গৰাকীৰ মৃত্যুত  ৰাজ্যৰ মফছলীয় সাংবাদিক মহলৰ যেন অপূৰণীয় ক্ষতি হল। দুখীয়া – অসহায় লোকক সহায়ৰ হাতখন আগবঢ়াই দি আনন্দ পোৱা বৰুৱাৰ বিয়োগ সমাজৰ বাবে সচাকৈয়ে দুখৰ খৱৰ। সংবাদকৰ্মী অথবা লেখা- মেলা কৰাৰ বাবেই হয়তো সৌভাগ্যক্ৰমে এই লেখকেও বিশাল ব্যক্তিত্বৰ অধিকাৰী মানুহগৰাকীৰ সান্নিধ্য পাবলৈ সক্ষম হৈছিলো। সেয়েহে তেওঁৰ মহাপ্ৰয়াণত এগৰাকী অভিভাৱক হেৰুওৱাৰ বেদনা অনুভৱ কৰিছো।  মহানগৰীৰ পশ্চিম প্ৰান্তৰ আজাৰাৰ এগৰাকী সুসন্তান, যিয়ে এটা পুথিভঁৰাল বোকোচাত কঢ়িয়াই ফুৰিছিল বুলি সান্নিধ্য লাভ কৰা বহুতেই কয়। এইগৰাকী ভৱেশ বৰৱাৰ সকলো বিষয়তেই প্ৰচুৰ জ্ঞান আছিল। সততে দুখীয়াৰ হৈ মাত মাতি অহা মানুহগৰাকীৰ জিভাৰ আগত যেন দেশৰ সংবিধানখনেই আছিল। আজাৰাৰ গোসাঁইপাৰাৰ প্ৰয়াত বিপিন চন্দ্ৰ বৰুৱা আৰু হৰোজনী বৰুৱাৰ পুত্ৰ ভৱেশ বৰুৱাই ডেকা বয়সৰ পৰাই কমিউনিষ্ট আদৰ্শত আকৃষ্ট হৈ দুখীয়া- নিচলাৰ হকে বিভিন্ন কামত জড়িত হৈয়ে দিনবোৰ পাৰ কৰিছিল। জীৱনৰ অস্তাচলত খোজ থৈয়ো তেওঁ ভাগৰি পৰা নাছিল। সকলো সময়তেই চিৰ তৰুণ হৈ থাকিব বিচাৰিছিল। স্থানীয় ৰিক্সা চালক, ঠেলা চালক , বিভিন্ন বিভাগৰ কৰ্মৰত চতুৰ্থ শ্ৰেণীৰ কৰ্মীসকলক সু সংগঠিত কৰি বিভিন্ন শ্ৰমিক ইউনিয়ন গঠন কৰি তেওঁলোকক সঠিক পথৰ সন্ধান দিয়াটোৱেই তেওঁৰ উদ্দেশ্য আছিল।বেচৰকাৰী বাছৰ চালক- হেণ্ডিমেনসকলক লৈও তেওঁ প্ৰথমে সদৌ অসম মটৰ শ্ৰমিক যুটীয়া পৰিষদ গঠন কৰিছিল। মানুহগৰাকীৰ কৰ্মময় জীৱনৰ এইবোৰ একোটা উদাহৰণহে। সাংবাদিক হিচাপে তেওঁ পলাশবাৰীৰ পৰা অধুনালুপ্ত “পষেকীয়া স্বাধীনতা” নামৰ বাতৰি কাকত এখন উলিয়াই নিজেই সম্পাদকৰ দৰে গধুৰ দায়িত্ব পালন কৰিছিল। ইয়াৰ পিছতে “নতুন দৈনিক” নামৰ কাকতখনত আজাৰাৰ পৰা সাংবাদিকতা আৰম্ভ কৰি মৃত্যুৰ কিছুবছৰ আগলৈকে ধাৰাবাহিকভাৱে  সাংবাদিকতা কৰি গৈছিল। ‘নতুন দৈনিক’ কাকতখন বন্ধ হোৱাৰ পিছত “দৈনিক অগ্ৰদূত” কাকতত আজাৰাৰ পৰা সাংবাদিকতা আৰম্ভ কৰে। অসমৰ মফছলীয় সাংবাদিকসকলক একত্ৰিত কৰি গঠন হোৱা “সদৌ অসম সাংবাদিক সন্থা” ৰ প্ৰতিস্থা কালৰ সময়ত ভৱেশ বৰুৱাৰ অবদান যথেষ্ঠ আছিল। পৰবৰ্তী  সময়ত তেওঁৰ নেতৃত্বত “আছাম প্ৰেছ কৰেছপণ্ডেণ্টছ ইউনিয়ন” চমুকৈ ‘আপকু’ গঠন কৰিছিল আৰু তেওঁ প্ৰতিষ্ঠাপক সম্পাদক হিচাপে সমুখৰ পৰাই কাম কৰি গৈছিল। উক্ত ইউনিয়ন গঠন কৰাৰ পিচৰে পৰা তেওঁ ৰাজ্যৰ মফছলীয় সাংবাদিকসকলৰ দা-দৰমহাকে ধৰি প্ৰাপ্য অধিকাৰৰ বাবে বিভিন্ন দাবী জনাই আহিছিল। জীৱনৰ অন্তিম সময়ছোৱালৈ মফছলীয় সাংবাদিকসকলৰ বিভিন্ন সমস্যাৰ বিষয়ে চৰকাৰৰ ওচৰত আবেদন- নিবেদন জনোৱাৰ লগতে সমুখৰ পৰা সংগ্ৰামখন চলাই যোৱাটোৱেই মানুহগৰাকীৰ ত্যাগ আৰু সততাৰ অন্য এক সুকীয়া পৰিচয় আছিল। আনকি মফছলীয় সাংবাদিকসকলৰ দৰমহা ঘোষণা নকৰালৈকে সাংবাদিক পেঞ্চন গ্ৰহণ নকৰাৰো সিদ্ধান্ত ঘোষণা কৰি ত্যাগ আৰু সততাৰ অন্য এক নিদৰ্শন ডাঙি ধৰিছিল। জেষ্ঠ সাংবাদিক ভৱেশ বৰুৱা অঞ্চলবাসীৰ বাবে অভিভাৱকেই নহয়, এগৰাকী হোমিও চিকিৎসক হিচাপেও পৰিচিতি আছিল। তেওঁৰ হোমিও ফাৰ্মাছীৰ এক বিশেষত্ব আছিল মাথোঁ দুই টকাৰ দৰৱ। দুখীয়া -নিছলাক এনেদৰেই তেওঁ চিকিৎসা কৰিছিল। অসম সাহিত্য সভাৰ আজীৱন সদস্য তথা আজাৰা সাহিত্য সভাৰ সদস্য ভৱেশ বৰুৱাই বিভিন্ন কাকত আলোচনীত কেবাটাও তথ্যগধুৰ প্ৰৱন্ধ লেখিছিল। তেওঁ আজাৰাৰ জ্যেষ্ঠ নাগৰিক মঞ্চৰো প্ৰতিষ্ঠাপক সম্পাদক আছিল। তেওঁ নহলে অঞ্চলটোত যেন অনুষ্ঠানেই আধৰুৱা অৱশেষত চিৰ তৰুণ হৈ থাকিব বিচৰা মানুহগৰাকীয়ে এদিন বাৰ্ধ্যকৰ ওচৰত যেন হাৰ মানিলে। কিছুবছৰ বাৰ্ধ্যকজনিত ৰোগৰ শয্যাগত হৈ অৱশেষত চিৰ বিদায় ললে। তেওঁৰ মৃত্যুৰ বাতৰি প্ৰচাৰ হোৱাৰ লগে লগে অসংখ্য গুণমুগ্ধ তেওঁৰ বাসভৱনত উপস্থিত হৈ শেষ শ্ৰদ্ধা নিবেদন কৰিলে। মৃত্যুৰ সময়ত তেওঁ দুই পুত্ৰ আৰু তিনি কন্যাসহ অসংখ্য গুণমুগ্ধক এৰি থৈ গল। মৃতদেহৰ কাষত উপস্থিত হৈ সকলোৱে অভিভাৱকত্বহীনতাক বাৰুকৈয়ে অনুভৱ কৰিলে। দৰাচলতে বৰুৱাদেৱৰ এই মহাপ্ৰয়াণত অসমৰ গ্ৰাম্য সাংবাদিকতাৰ এক যেন বলিষ্ঠ কণ্ঠ হেৰাই হল। এখন যেন সততাৰ দলিল নোহোৱা হল।  অসমৰ সাংবাদিকতাৰ ক্ষেত্ৰখনত তেওঁৰ ত্যাগ আৰু সততাৰ চানেকি সোণালী আখৰেৰে লিখা থাকিব।