Breaking

অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ গুৰু দায়িত্বগ্ৰহণ কৰিলে ভূপেন বৰাই

0 1,218

অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ গুৰু দায়িত্বগ্ৰহণ কৰিলে ভূপেন বৰাই। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ নেতৃত্বত একপ্ৰকাৰ দলটো নিশেষ হোৱাৰ পথত প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব লাভ ভূপেন বৰাৰ। কলাক্ষেত্ৰৰ শ্ৰীমন্ত শঙ্কৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত সভাত শ-শ নেতা কৰ্মীৰ সমাগম ঘটাই শক্তি প্ৰদৰ্শনৰো চেষ্টা চলালে কংগ্ৰেছে। সভাত বিদায়ী সভাপতি ৰিপুন বৰাই আক্ষেপ প্ৰকাশ কৰি ক’লে, যি সময়ত তেঁও বিজেপিৰ বিৰুদ্ধে যুঁজিব লাগিছিল, সেই সময়খিনি তেঁও নিজৰ গাদী ৰক্ষা কৰিবলৈ যুঁজোতেই গ’ল।কোভিড পৰিস্থিতি আৰু কিছু উন্নত হলেই ৰাজ্যত উপ নিৰ্বাচনৰ দিন ঘোষণা হ’ব। এতিয়ালৈ ৫ টা সমষ্টিত উপ নিৰ্বাচন অনুষ্ঠিত হোৱাতো নিশ্চিত হৈছে। কিন্তু এতিয়ালৈ ৰণকৌশলেই প্ৰস্তুত কৰিব পৰা নাই বিৰোধীয়ে।ভূপেন বৰা দলটোৰ সভাপতিৰ দায়িত্ব লোৱাৰ লগে লগে অসমৰ ৰাজনৈতিক মহলত চলিছে চৰ্চা।ভূপেন বৰাৰ ওপৰত দৃষ্টি নিবদ্ধ হৈ থাকিব দলৰ কৰ্মকৰ্তাৰ লগতে ৰাইজৰ।একপ্ৰকাৰ কবলৈ গলে এতিয়া ভূপেন বৰাৰ দায়িত্ব গধুৰ।কেনেকৈ এই দুৰ্দিনৰ সময়ত সন্মুখৰ পৰা দলটোক নেতৃত্ব দি আগুৱাই নিব।এইলৈও বিশেষ চৰ্চা চলিছে।

Leave A Reply