Breaking

ওদালগুৰি জিলা মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ দ্বিবার্ষিক অধিবেশন

0 2,032

ওদালগুৰি জিলা মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ চতুৰ্দশ দ্বিবাৰ্ষিক অধিবেশন অহা ১৮ জানুৱাৰী তাৰিখে এদিনীয়া কাৰ্যসূচীৰে অম্বাগাওঁ বডো উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত কৰাৰ বাবে যোজা চলোৱা হৈছে। এই অধিবেশনখনি সুচাৰুকৈ অনুষ্ঠিত কৰিবলৈ অম্বাগাওঁ বডো উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা ৰঞ্জীতা দৈমাৰীক সভাপতি, ৰবিনছন বসুমতাৰীক কাৰ্যকাৰী সভাপতি, প্ৰসেনজিত দৈমাৰীক সম্পাদক হিচাপে লৈ এখনি অভ্যৰ্থনা সমিতিও গঠন কৰা হৈছে। শিক্ষক আৰু কৰ্মচাৰীৰ এই অধিবেশনত বিটিআৰৰ উপ মূখ্য কাৰ্যবাহী সদস্য গোবিন্দ চন্দ্ৰ বসুমতাৰী মূখ্য অতিথি, ওদালগুৰি জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক জয়পাল সিং ব্ৰহ্ম বিশিষ্ট অতিথি আৰু ওদালগুৰি জিলা অধিবিদ্যা পৰিষদৰ সম্পাদক গায়ত্ৰী ভট্টৰাই, ওদালগুৰি জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি শান্তিৰাম শৰ্মা, হৰিশিঙা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা স্বৰ্ণ বসুমতাৰী, কবিৰালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা সমজ্ৰী নাৰ্জাৰী, বডিগাওঁ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ৰাজীব বসুমতাৰী, অম্বাগাওঁ হাইস্কুলৰ প্ৰধান শিক্ষক ভূবন শৰ্মা আৰু বেংবাৰী হাইস্কুলৰ প্ৰধান শিক্ষক নোমল দৈমাৰী আমন্ত্ৰিত অতিথি ৰূপে অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে।

অনুষ্ঠানৰ কাৰ্যসুচী অনুসৰি ৰাতিপুৱা ওদালগুৰি জিলা মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ পতাকা উত্তোলন কৰিব সভাপতি ভবেন চন্দ্ৰ ডেকাই। ছহিদ সকলৰ সোঁৱৰণিত স্মৃতি তৰ্পণ কৰিব অম্বাগাওঁ বডো উচ্চতৰ মাধ্য়মিক বিদ্যালয় শিক্ষক গোটৰ সম্পাদক কাতিৰাম বৰোয়ে। শিক্ষকসকলৰ প্ৰতিনিধি সভা মূকলি কৰিব অম্বাগাওঁ বডো উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা ৰঞ্জীতা দৈমাৰীয়ে আৰু মূকলি সভা উদ্বোধন কৰিব ৰাজ্যিক সদস্য কৃষ্ণকান্ত মিজাৰে। অধিবেশনত উপস্থিত থাকি শিক্ষা আৰু শিক্ষকসকলৰ সমস্যাসমূহৰ বিষয়ে আলোচনা আগবঢাবলৈ জিলাখনৰ মাধ্যমিক বিদ্যালয়সমূহলৈ সম্পাদক বৈদ্যনাথ উপাধ্যায়ে আহ্বান জনাইছে।

Leave A Reply