Breaking

বিভা-হিমাংশু মেম’ৰিয়েল ট্ৰাষ্টৰ মেধাৱী শিক্ষাৰ্থীক জলপানী প্ৰদান…

0 64

সমাজৰ প্ৰতিটো ক্ষেত্ৰতে বিশেষ অৰিহণা যোগাই অহা বিভা-হিমাংশু মেম’ৰিয়েল ট্ৰাষ্টে পূৰ্বৰ বছৰৰ দৰে এইবাৰো অসমৰ আৰ্থিক ভাৱে পিছপৰা তিনিগৰাকী মেধাৱী শিক্ষাৰ্থীক উচ্চ শিক্ষাৰ বাবে প্ৰতি মাহে জলপানী প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। সেই অনুসৰি অলপতে শিক্ষাৰ্থী কেইজনৰ সৈতে বিভা-হিমাংশু মেম’ৰিয়েল ট্ৰাষ্টৰ মুখ্য ন্যায়ৰক্ষী সঞ্জয় গোস্বামী আৰু নন্দিতা শৰ্মা গোস্বামী এক বৈঠকত মিলিত হৈ ট্ৰাষ্টৰ সৈতে চুক্তিবদ্ধ কৰি উচ্চ শিক্ষাৰ দায়িত্ব আনুষ্ঠানিক ভাৱে গ্ৰহণ কৰে ।

বিভা-হিমাংশু মেম’ৰিয়েল ট্ৰাষ্টে উচ্চ শিক্ষাৰ বাবে প্ৰতি মাহে জলপানী প্ৰদান কৰিবলগীয়া শিক্ষাৰ্থী কেইজনৰ ভিতৰত এগৰাকী হাজোৰ চিকিৎসা বিজ্ঞানৰ ছাত্ৰী তথা পৰশুৰাম মালাকাৰ আৰু উৰ্মিলা মালাকাৰৰ কন্যা মনীষা মালাকাৰ।এই গৰাকী শিক্ষাৰ্থী হাই স্কুল শিক্ষান্ত পৰীক্ষাত ১০ম স্থান পোৱাৰ লগতে উচ্চতৰ মাধ্যমিকত সুখ্যাতিৰে উত্তীৰ্ণ হৈ বৰ্তমানে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অধ্যয়নৰত । আনহাতে এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সু-খ্যাতিৰে উত্তীৰ্ণ হোৱা বিহপুৰীয়াৰ দিলীপ কুমাৰ চাহু আৰু ঋতু কুমাৰী চাহুৰ কন্যা প্ৰেৰণা চাহু আৰু শুয়ালকুচিৰ সীমান্ত দাস আৰু হিমা ঠাকুৰীয়াৰ কন্যা প্ৰেৰণা কাশ্যপক স্নাতক পৰ্যায়লৈ জলপানী প্ৰদান কৰিব ট্ৰাষ্টে।

উল্লেখযোগ্য যে বিভা-হিমাংশু মেম’ৰিয়েল ট্ৰাষ্টে প্ৰতি বছৰে হাই স্কুল শিক্ষান্ত পৰীক্ষাত সু-খ্যাতিৰে উত্তীৰ্ণ হোৱা আর্থিক ভাবে পিছপৰা মেধাৱী শিক্ষাৰ্থীৰ স্নাতক পৰ্যায়লৈ শিক্ষাৰ খৰছ বহন কৰি আহিছে।একেদৰে ২০২০ চনৰ পৰা বিভা-হিমাংশু মেম’ৰিয়েল ট্ৰাষ্টে পঞ্চ পৰশমণি আঁচনিৰ অধীনত ৰাজ্যৰ মেধাৱী শিক্ষাৰ্থীক ৰাজ্যৰ লগতে সৰ্ব-ভাৰতীয় পৰ্য্যায়ৰ প্ৰতিযোগিতা মূলক পৰীক্ষাত বহিব পৰাকৈ নতুন দিল্লীৰ RAU’s IAS study কেন্দ্রত বিনামূলীয়াকৈ প্ৰশিক্ষণৰ ব্যৱস্থা কৰি দি আহিছে।

আনহাতে যোৱাবাৰৰ দৰে ট্ৰাষ্টে এইবাৰো তীৰ্থযাত্ৰা কৰাবৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে । তাৰ বাবে ট্ৰাষ্টে বিভিন্ন বৃদ্ধাশ্ৰমৰ লগত যোগাযোগ কৰি থকাৰ লগতে ইচ্ছুক বৃদ্ধাশ্ৰমৰ গৰাকীক ট্ৰাষ্টৰ লগত যোগাযোগ কৰিবলৈ আহ্বান জনোৱা হ’ল (+৯১৮৮৭৬৯৭৯৬৯৭) । কেৱল এয়াই নহয় ট্ৰাষ্টে বিভিন্ন সময়ত সাস্কৃতিক , ক্ৰীডা ক্ষেত্ৰখনত অৰিহণা যোগাই অহা শিল্পী খেলুৱৈসকলক বিপদত সহায়ৰ হাত আগবঢায় আহিছে। একেদৰে বানপানী আৰু বিভিন্ন দুৰ্যোগৰ সময়ত আর্তজনৰ কাষত থিয় দি আহিছে
বিভা-হিমাংশু মেম’ৰিয়েল ট্ৰাষ্টে। ট্ৰাষ্টৰ এনে পদক্ষেপক ৰাইজে ভূয়সী প্ৰশংসা কৰিছে

Leave A Reply