Breaking

অসমীয়া সাহিত‍্যত ‘বহুৰূপী’ৰ ৰূপ লৈ ‘বিচ্ছুৰীত প্ৰেমৰ বৰ্ণালী’ বিলাই ৭৫ত ৰহস‍্য সম্ৰাট

0 1,686

অসমৰ জনপ্ৰিয় ৰহস‍্য সাহিত‍্যৰ অদ্বিতীয় সাহিত‍্যিক ৰঞ্জু হাজৰিকাৰ আজি ৭৫ সংখ‍্যক জন্ম দিৱস।সাহিত্য জগতৰ এক বিৰামহীন যাত্ৰাৰে ‘বহুৰূপী’ৰ পৰা ‘বিচ্ছুৰীত প্ৰেমৰ বৰ্ণালী’লৈকে বিষ্ময়কৰ প্ৰতিভাৰে ৭৫০ খনতকৈয়ো অধিক অসমীয়া গ্ৰন্থৰ ৰচনাৰ এক বৰ্ণিল ইতিহাসৰ স্বাক্ষৰ বহনকাৰী ৰহস্য সাহিত্যিক গৰাকীৰ আজি ৭৫ সংখ‍্যক জন্ম দিৱস৷ আজি কলিয়াবৰৰ চুলুংস্থিত গ্ৰীণ আছিয়ানা পেলেচত স্বানামধন‍্য সাহিত‍্যিক ৰঞ্জু হাজৰিকাৰ ৭৫ সংখ্যক জন্ম দিৱসত চাইনিং গ্ৰীণ আছিয়ানা ৱেলফেয়াৰ ফাউণ্ডেচনৰ আড়ম্বৰপূৰ্ণ আয়োজন।

আজি পুৱাতে গ্ৰীণ আচিয়ানা ৱেলফেয়াৰ ফাউণ্ডেচনে এদিনীয়াকৈ কলিয়াবৰৰ চুলুংস্থিত গ্ৰীণ আচিয়ানা পেলেচত অনুষ্ঠানত সৰ্বপ্ৰথমেই মাঙ্গলিক পূজা-অৰ্চনাৰে দিনজোৰা কাৰ্যসূচীৰ শুভাৰম্ভণী ঘটে পতাকা উত্তোলনৰ পাছতেই পাৰ চৰাই, বেলুন উৰুৱা আৰু বৃক্ষৰোপণ কাৰ্য‍্যসূচীত ৭৫ বছৰ বয়সীয়া সাহিত‍্যিকগৰাকীৰ লগতে উপস্থিত থাকে চুলুং আৰক্ষী তহলদাৰী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মৃদুল দেৱনাথ। কলিয়াবৰৰ চুলুঙৰ গ্ৰীণ আছিয়ানা পেলেচত আয়োজিত ওপজা দিনত জনপ্ৰিয় উপন্যাস জুলুৰ বেটুপাত অংকিত কেক কাটি বিভিন্নজনৰ শুভেচ্ছা গ্ৰহণ কৰে জনপ্ৰিয় সাহিত্যিক গৰাকীয়ে।

ওপজা দিনত অতীত সুঁৱৰি স্মৃতিকাতৰ হৈ পৰে জীৱনৰ ৭৫টা বৰ্ষ অতিক্ৰম কৰি বৰ্ণিল অভিজ্ঞতা অৰ্জন কৰা সাহিত্যিক গৰাকী। বিভিন্ন জনৰ উমাল আদৰণি, শুভেচ্ছা গ্ৰহণ কৰি আহ্লাদিত হৈ পৰা ৰঞ্জু হাজৰিকাই ভাষণ প্ৰসংগত কয় – ১৫ বছৰ বয়সৰ পৰা ৭৫ বছৰ বয়সলৈকে নিৰবিচ্ছিন্ন ভাৱে ৬০ বছৰ ধৰি সৃষ্টি-সাধনত ব্ৰতী হৈ আজি এনে মধুৰ সন্ধিক্ষণত এনেদৰে আহি উপস্থিত হ’ম বুলি ভৱাই নিছিলো৷ লগতে তেঁও তেঁওৰ সৃষ্টিৰাজিক লৈ পৃথকে পৃথকে চাৰিখনকৈ সাহিত্য সংকলন প্ৰকাশ হোৱাটো গৌৰৱৰ বিষয় বুলি মন্তব্য কৰে৷ দিনজোৰা অনুষ্ঠানত ৰঞ্জু হাজৰিকাই জীৱনৰ ৭৫টা বছৰ অতিক্ৰম কৰি অসমীয়া পাঠক ৰাইজৰ অভূতপূৰ্ব সমাদৰ লাভ অতন্ত‍্য সুখী অনুভৱ কৰা লগতে অনাগত দিনত সাহিত‍্য সৃষ্টি কৰি যোৱাৰ লক্ষ‍্যৰ বিষয়ে অৱগত কৰে। লগতে কলিয়াবৰত পিতৃগৃহ সোণাৰি গাঁৱৰ পঢ়া কালৰ স্মৃতি ৰোমন্থন কৰে।অনুষ্ঠানত অধ্যাপক ড০ দিলীপ বৰা, ড০ চাৰু চহৰীয়া নাথকে ধৰি ৰাজ্যৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ভাষণ প্ৰসংগত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ দিলীপ বৰাই ৰহস্য সাহিত্যিক ৰঞ্জু হাজৰিকাৰ সৃষ্টি-কৰ্মৰাজি আলোকপাত কৰি কয় – ৰহস্য সাহিত্যৰ উচিত মূল্যায়ন আজিও হৈ উঠা নাই৷ মাথো কিতাপ লিখিয়েই জীৱন নিৰ্বাহ কৰাটো কিমান কঠিন সেয়া সহজেই অনুমেয়৷ ৰঞ্জু দা ভাৰতবৰ্ষৰ ভিতৰতে একমাত্ৰ ব্যক্তি যি গৰাকী ব্যক্তিয়ে ৭৫০ খন কিতাপ লিখি উলিয়াবলৈ সক্ষম হৈছে৷ তথাপিও সাহিত্যৰ ক্ষেত্ৰখনত তেখেতক একাষৰীয়াকৈ থোৱা যেন অনুভৱ হয়৷

বিভিন্ন বঁটা লাভ অথবা সাহিত্য সভাৰ সভাপতি হোৱাটো ডাঙৰ কথা নহয় বৰঞ্চ মানুহৰ অন্তৰত স্থান পোৱাটোহে ডাঙৰ কথা৷ চিত্ৰ কল্প নিৰ্মান,কাহিনী নিৰ্মাণৰ দক্ষতা, শব্দৰ খেলা যাদুৰে ৰঞ্জু দাই অসমৰ জনসাধাৰনৰ আত্মাত যিধৰনে নিগাজি স্থান দখল কৰিলে সেয়া অতুলনীয়। লগতে তেঁও ৰঞ্জু হাজৰিকাৰ ৰচনা সম্ভাৰৰ বিষয়ে একাডেমিক গৱেষনাৰ প্ৰয়োজন আছে বুলি সদৰী কৰে। সভাত তেজপুৰ মহাবিদ্যালয় অৱসৰপ্ৰাপ্ত অধ্যক্ষা তথা অসম লেখিকা সমাৰোহৰ সভানেত্ৰী ড০ চাৰু চহৰীয়া নাথে ৰহস্য সাহিত্যিক গৰাকীৰ ৰচনা সৃষ্টি ৰাজি আলোকপাত কৰি কয় – তেখেতৰ সাহিত্যত বিশাল ব্যক্তিত্ব, সততা, স্বাধীনতা আদি বিভিন্ন দিশ বিচাৰি পোৱা যায়৷ প্ৰকৃততে বিশ্ববিদ্যালয়- মহাবিদ্যালয় সমূহত তেঁওৰ ৰচনা,সৃষ্টিৰাজি সমূহ গৱেষণা হ’লেহে তেখেতৰ প্ৰতি উচিত মূল্যায়ন কৰা হ’ব বুলি মন্তব্য কৰে ৷ লগতে তেওঁ ৰঞ্জু হাজৰিকা শীৰ্ষক এখন অভিনন্দন গ্ৰন্থ প্ৰকাশৰো গুৰুত্ব প্ৰদান কৰে।

৭৫০ খনতকৈয়ো অধিক অসমীয়া গ্ৰন্থ ৰচনাৰ এক বৰ্ণিল ইতিহাসৰ স্বাক্ষৰ বহনকাৰী ৰহস্য সাহিত্যিকগৰাকীৰ ২৪ জুলাইত জন্ম দিৱসৰ আজিৰ অনুষ্ঠানতে ইতিপূৰ্বে অনুষ্ঠিত সদৌ অসম ভিত্তিত চিত্ৰাংকন প্ৰতিযোগিতাৰ পুৰস্কাৰসমূহ বিতৰণৰ লগতে বহুকেইগৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়৷ সংগীত ক্ষেত্ৰত দীক্ষু শৰ্মা, প্ৰিয়ংকা ভঁৰালী, সাহিত্য ক্ষেত্ৰত নিতুল চাংমাই, লেখক-সাহিত্যিক মাধুৰ্যমণ্ডিত বৰুৱা,ভাস্কৰ্য শিল্পী মঞ্জিত বৰুৱা, অভিনয়ৰ ক্ষেত্ৰত কেনী বসুমতাৰী, মনিকাঞ্চন কোঁৱৰ আৰু শিশু শিল্পী নয়নমনি মুৰাক প্ৰদান কৰা হয় ৰঞ্জু হাজৰিকা বৰেণ্য বঁটা৷ অসমৰ সঙ্গীত জগতৰ সৰ্বাধিক জনপ্ৰিয় গায়ক জুবিন গাৰ্গ আৰু তেওঁৰ পত্নী গৰিমা গাৰ্গ অনুষ্ঠানত উপস্থিত থকাৰ কথা আছিল যদিও অসুস্থতাৰ বাবে উপস্থিত থাকিব নোৱাৰিলে।

অসমৰ প্ৰতিগৰাকী পাঠকৰ মনত ঠাই লোৱা সাহিত্যিকগৰাকীৰ জন্ম দিৱসত আয়োজক গ্ৰীণ আচিয়ানা ৱেলফেয়াৰ ফাউণ্ডেচনৰ সঞ্চালক ড° কিশোৰ হাজৰিকাই সভাৰ প্ৰাৰম্ভতে সাহিত‍্যিকগৰাকীৰ পৰিচয় দাঙি ধৰি কয় যে, বঁটা-বাহন বা অসমীয়া সাহিত‍্য অনুষ্ঠান বা অনান‍্য সাহিত‍্যিক-বুদ্ধিজীৱীয়ে ৰঞ্জু হাজৰিকাই ৰচনা কৰা কল্প-বিজ্ঞান আৰু ৰহস‍্য সাহিত‍্যক স্বীকৃতি দিব নুখুজিলেও অসমীয়া পাঠকসমাজে ৰঞ্জু হাজৰিকাৰ সাহিত‍্য সৃষ্টিক উচিত মৰ্য‍্যাদা দিছে। সভাৰখনৰ আঁত ধৰে ফাউণ্ডেচনৰ আনগৰাকী সঞ্চালক স্নিগ্ধাজ্যোতি গোস্বামীয়ে। সভাত বিশ্বনাথ চাৰিআলি তথা কলিয়াবৰৰ কুশলীসকলে বৰগীত, সত্ৰীয়া নৃত‍্য, ঝুমুইৰ নৃত‍্য, নেপালী নৃত‍্য তথা গীত পৰিৱেশন কৰি অভ‍্যাগত সকলক আপ্লুত কৰে।

দুপৰীয়া ৰঞ্জু হাজৰিকাৰ দ্বাৰা ৰচিত গ্ৰন্থ, তেওঁ লিখা কলম আদি সংগৃহীত বস্তুৰ প্ৰদৰ্শনীৰ মুকলি কৰাৰ পাছতে বন্তি প্ৰজ্জ্বলনেৰে মঞ্চ মুকলি কৰি কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া মৃণ্ময় দাসে।
উল্লেখ‍্য যে, ৰঞ্জু হাজৰিকা নামেৰে অসমীয়া সাহিত‍্য জগতত খ‍্যাতি লাভ কৰা অবিসম্বাদী সাহিত‍্যিক গৰাকীৰ প্ৰকৃত নাম কুমুদ চন্দ্ৰ হাজৰিকা। বৰ্তমানৰ বিশ্বনাথ জিলাৰ মোনাবাৰী চাহ বাগিচা ১৯৪৭ চনৰ আজিৰ তাৰিখতে জন্মগ্ৰহণ কৰা হাজৰিকাই শৈশৱকাল কলিয়াবৰত পাৰ কৰে। মূলতঃ ভৌতিক আৰু থ্ৰিলাৰ কাহিনীৰ বাবে জনাজাত হাজৰিকাই কল্পবিজ্ঞান, সামাজিক, শিশু সাহিত্য, অভিযানমূলক, জ্যোতিষ আদি বিষয়তো বহু গ্ৰন্থ লিখি উলিয়াইছে। ১৯৭৩ চনত প্ৰথম উপন্যাস প্ৰকাশ কৰাৰে পৰা বৰ্তমানলৈ তেখেতৰ প্ৰায় ৭৫০খন গ্ৰন্থ প্ৰকাশ পাইছে। ৰঞ্জু হাজৰিকাই লাভ কৰা উল্লেখযোগ্য বঁটা তথা সন্মানসমূহৰ ভিতৰত ৰহস্য সম্ৰাট (২০০৮), প্ৰেৰণা বঁটা (২০০৮), সাহিত্য বঁটা (২০১১), অসম চৰকাৰৰ সাহিত্যিক পেঞ্চন (২০২১) আদিয়েই প্ৰধান।



মঞ্চত ‘পাহি মেলি অহা ৰঙৰ’ ‘সেউজীয়া গাড়ী’ত উঠি তাহানিৰ সেউজীয়া সোণালী শৈশৱলৈ উভতাই নিলে এদল শিশুৱে

কলিয়াবৰত গৰমৰ বন্ধত এদল কণ-কণ শিশুৰ নাট মঞ্চস্থৰে হাটবৰত যৱনিকা পৰিল শিশু নাট কৰ্মশালাৰ

দুবছৰীয়া ক’ভিড পৰিস্থিতিৰ অন্তত এইবেলি কলিয়াবৰৰ অন‍্যতম পুৰণি কলা-সাংস্কৃতিক অনুষ্ঠান হাটবৰ কেন্দ্ৰীয় নাট‍্য সমাজে ধাৰাবাহিকতা ৰক্ষা কৰি আয়োজন কৰা শিশু নাট কৰ্মশালাৰ সামৰণী অনুষ্ঠানত এদল শিশুৰ নাট্যভিনয়ত মুগ্ধ হ’ল দৰ্শক। কলিয়াবৰৰ ভিন্ন স্থানৰ মুঠ ৫৪ গৰাকী শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা তথা কলিয়াবৰৰ কেইবাগৰাকীও অভিজ্ঞ প্ৰশিক্ষকে এই কৰ্মশালাত নাটকৰ ‘অ আ ক খ’ৰ জ্ঞান দিছিল কণ-কণ শিশুক। যোৱা ৫ জুলাইৰ পৰা অনুষ্ঠিত হোৱা শিশু নাট কৰ্মশালাত বিশিষ্ট নাট‍্যকাৰ ভূপেন্দ্ৰনাথ হাজৰিকাৰ লগতে স্থানীয় উদীয়মান প্ৰশিক্ষিত নাট‍্যকৰ্মী প্ৰাঞ্জল মহন্ত, সঞ্জীৱ শইকীয়া, ঝুনাকঙ্কন ভূঞা, পল্লৱপ্ৰাণ গোস্বমী, ৰূপজ‍্যোতি গোস্বামীসহ ভালেকেইগৰাকী প্ৰশিক্ষকে প্ৰশিক্ষণ প্ৰদান কৰে। শনিবাৰে নিশা নাট কৰ্মশালাৰ সামৰণী অনুষ্ঠানত কৰ্মশালাৰ শিশুসকলৰ দ্বাৰা তিনিখন নাট মঞ্চায়নৰে এই শিশুনাট কৰ্মশালাৰ অন্ত পৰে। অন্তিম দিনা শনিবাৰে নিশা নাটকৰ কৰ্মশালাৰ অন্তত শিশুসকলে মঞ্চস্থ কৰে তিনিখনকৈ নাটক – অভং ৰজাৰ জ্ঞান লাভ, ৰচনা-পৰিচালনা পল্লৱপ্ৰাণ গোস্বামী, ৰং আহে পাহি মেলি, পৰিচালনা ঝুনাকঙ্কন ভূঞা আৰু সেউজীয়া গাড়ী পৰিচালনা প্ৰাঞ্জল মহন্ত।


উল্লেখ‍্য যে, শিশুৰ আনুষ্ঠানিক শিক্ষাৰ লগতে মানসিক আৰু শাৰীৰিক উৎকৰ্ষ সাধনো আজিৰ প্ৰতিযোগিতামূলক জগতত অতিকৈ প্ৰয়োজন। সেই উদ্দেশ‍্য আজিৰ শিশুসকলক পঢ়া-শুনাৰ লগতে শাৰীৰিক আৰু মানসিক উৎকৰ্ষতাৰ বাবে অভিভাৱকসকলে ক্ৰীড়াৰ লগতে পৰিৱেশ‍্য কলাসমূহতো পাকৈত কৰি তুলিব বিচাৰে। বিদ‍্যালয়ৰ গতানুগতিক জীৱনৰ পৰা মুক্ত হৈ এমহীয়া গৰমৰ বন্ধতে শিশুসকলে এনেধৰণৰ শিক্ষা গ্ৰহণৰ সুবিধা লাভ কৰে। এই ক্ষেত্ৰত শিশুৰ ব‍্যক্তিত্ব গঠনত শিশুনাট কৰ্মশালাসমূহে এক গুৰুত্বপূৰ্ণ ভূমিকা লৈ আহিছে। গত সময়ছোৱাত বিদ‍্যালয়ৰ গৰমৰ বন্ধৰ সময়তে কলিয়াবৰৰ কেইবাটাও সাংস্কৃতিক অনুষ্ঠানে শিশুনাট কৰ্মশালা আয়োজন কৰি আহিছে। কলিয়াবৰৰ অন‍্যতম পুৰণি কলা-সাংস্কৃতিক অনুষ্ঠান হাটবৰ নাট‍্য সমাজে আয়োজন কৰা শিশু নাটৰ মঞ্চায়নে প্ৰেক্ষাগৃহত উপস্থিত থকা দৰ্শকক মুগ্ধ কৰাৰ লগতে অভিভাৱক তথা জ‍্যেষ্ঠসকলক পুনৰ শৈশৱলৈ উভতাই নিয়ে। বৰ্তমানৰ শিশুসকলে তাহানিৰ জ‍্যেষ্ঠসকলে লাভ কৰা সেউজীয়া শৈশৱৰ সোণালী দিনবোৰ ঘূৰাই দিবলৈ কৰা আকুল আহ্বানে মুক কৰি তোলে জ‍্যেষ্ঠ দৰ্শকসকলক।

Leave A Reply