Breaking

চাইকেল, এক পুৰণি সুবাস

0 1,312

ৰশ্মিৰেখা ভট্টাচাৰ্য

এসময়ত চাইকেলে যাতায়তৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। নতুন ৰেলী চাইকেল এখন চোতালত থিয় কৰিব পৰাটো  আছিল  অভিজাত্যৰ চানেকি। ডাকোৱালৰ চাইকেলৰ টিলিঙাৰ মাতে কঢ়িয়াই  আনিছিল ক’তজনলৈ আশাৰ ৰেঙনি, হেঁপাহৰ প্ৰিয়জনৰ বতৰা। কলেজীয়া ডেকা ল’ৰাৰ বাবে, চহৰত চাকৰি কৰিবলৈ পুৱাতে ওলাই যোৱা গাঁৱৰ ডেকাজনৰ বাবে চাইকেলখনেই  আছিল উত্তম সাৰথি। পথৰ মাজেৰে চিকচিকিয়া চাইকেলখনেৰে টিলিঙা বজাই যোৱা ডেকাজন  আছিল জীয়ৰীহঁতৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু। যুগৰ পৰিৱৰ্তনৰ লগে লগে চাইকেলৰ টিলিঙাৰ মাত কৰ’বাত হেৰাই গ’ল। বিভিন্ন দুচকীয়া, চাৰিচকীয়া যান-বাহনৰ পয়োভৰে চাইকেলক এলাগী কৰি তুলিলে। কৰ’না ভাইৰাছৰ দ্ৰুত সংক্ৰমণ হেতু প্ৰযোজ্য হোৱা লকডাউনে চাইকেলখনক পুনৰ এক নতুন মাত্ৰা প্ৰদান কৰিছে। বৰ্হিৰাজ্যত থকা  আমাৰ বহু ডেকাল’ৰা কৰ্মচ্যুত হৈ লকডাউনৰ আৰম্ভণিতে গাড়ী মটৰৰ  চলাচল বন্ধ থকা বাবে  চাইকেল চলাই চলাই নিজ ঘৰলৈ উভতি আহিছিল… এইবিলাক বাতৰি  আমি বিভিন্ন নিউজ চেনেল তথা ছ’চিয়েল মিডিয়াত দেখিবলৈ পাইছোঁ। লকডাউনৰ  আগত তথা পিছতো তেলৰ দাম বৃদ্ধিৰ পৰিপ্ৰেক্ষিততো বহুলোকে চাইকেলখনক পুনৰ  আপোন কৰি লোৱা দেখা গৈছে। বৰ্তমান ব্যক্তিগত যান-বাহনসমূহ  আৰক্ষীৰ কঠোৰ পহৰাৰ মাজেৰে পাৰ হ’ব লগা হোৱাৰ বাবেও বহুলোকে নিৰহ-নিপানি, নিমাখিত চাইকেলখন ব্যৱহাৰ কৰিবলৈ লোৱা পৰিলক্ষিত হৈছে। প্ৰশ্ন হয়, বাইক তথা  অত্যাধুনিক চাৰিচকীয়া বাহনসমূহৰ লগতে চাইকেলৰ চাহিদা  আকৌ বজাৰত বাঢ়িব নেকি?  আমাৰ মাজলৈ  আকৌ ঘূৰি  আহিব নেকি হেৰাই যোৱা চাইকেলখন? 

Leave A Reply