Breaking

চৰকাৰৰ আঁচনিৰ হিতাধিকাৰী বাছনিত বিয়াগোম কেলেংকাৰী : গৰৈমাৰী খণ্ড উন্নয়ণ বিষয়াসহ গ্ৰেপ্তাৰ ৪

0 65

সোণতলী

লকডাউনৰ সময়চোৱাত চৰকাৰে দুখীয়া ৰাইজৰ বাবে আগবঢ়োৱা হ্ৰস্ব ম্যাদি আঁচনিসমূহ এতিয়া একাংশ বিষয়া-কৰ্মচাৰী আৰু জনপ্ৰতিনিধিৰ বাবে হৈ পৰিছে সোণৰ কণী পৰা হাঁহ৷ দুখীয়া লোকক এহেজাৰ কৈ প্ৰদান কৰাৰ ক্ষেত্ৰত ভুৱা হিতাধিকাৰীৰ নামত লক্ষ লক্ষ টকা অ‍ত্মসাৎ কৰি শেহতীয়াকৈ আৰক্ষীৰ জালত পৰিল গৰৈমাৰী খণ্ড উন্নয়ন বিষয়া জয়নাল আলীসহ চাৰিজন৷ প্ৰাপ্ত তথ্য মতে, দেওব‍াৰে নিশা ছয়গাঁও সমষ্টিৰ গৰৈমাৰী খণ্ড উন্নয়ন বিষয়া জয়নাল আলীক বাইহাটা চাৰি আলীস্থিত নিজ বাসগৃহৰ পৰা কামৰূপ আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে৷ লগতে একে অভিযোগত জোৰশিমলী গাঁও পঞ্চায়তৰ সচিব শিকান্দাৰ আলী, জোৰশিমলী গাঁও পঞ্চায়তৰ সদস্যা চাহেৰা খাতুন আৰু সমবায় সমিতিৰ এজেণ্ট ৰমজান আলীক একে নিশাই বিভিন্ন স্থানৰ পৰা আটক কৰি ছয়গাঁও থানালৈ লৈ আহে৷ উক্ত চাৰিওজনে মিলি চৰকাৰে দুখীয়া লোকৰ বাবে প্ৰদান কৰা ১০০০ টকীয়া আঁচনিৰ বিয়াগোম দুৰ্নীতি সংঘটিত কৰি লক্ষ লক্ষ টকা আত্মসাৎ কৰিছিল। আনহাতে, গৰৈমাৰীৰ খণ্ড উন্নয়ন বিষয়া জয়নাল আলীৰ বিৰুদ্ধে আঁচনি ৰূপায়নৰ নামত দীৰ্ঘদিন ধৰি বিভিন্ন ধৰণে দুৰ্নীতি সংঘটিত কৰি অহাৰ অভিযোগ উঠি আহিছে৷ ছয়গাঁও থানাত চাৰিওকে জেৰা অব্যাহত ৰখাৰ লগতে ৪০১/ ২০০০ নম্বৰত গোচৰ ৰুজু কৰিছে। এতিয়া এইগৰাকী দুৰ্নীতি পৰায়ন খণ্ড উন্নয়ন বিষয়াৰ বিৰুদ্ধে থকা দুৰ্নীতিৰ বিভিন্ন অভিযোগৰ তদন্তবোৰ চলাবলৈ আৰক্ষীক অনুৰোধ জনাইছে সচেতন মহলে৷

Leave A Reply