Breaking

BigBreaking | ৰাজ্যৰ ৭ খনকৈ জিলাক কনটেইণ্টমেণ্ট জিলা ৰূপে ঘোষণা

0 2,168

আজি প্ৰকাশ পালে ক’ভিডৰ নতুন এছঅ’পি। ক’ভিডৰ নতুন এছঅ’পি অনুসৰি ৰাজ্যৰ ৭ খন জিলা সম্পূৰ্ণ কনটেইণ্টমেণ্ট জিলা ৰূপে ঘোষণা। এসপ্তাহৰ বাবে বিশ্বনাথ, লখিমপুৰ, শোণিতপুৰ, গোলাঘাট, যোৰহাট, মৰিগাঁও, গোৱালপাৰাত ২৪ ঘণ্টাই কাৰ্ফিউ।ইফালে ১৬খন জিলাত দুপৰীয়া ২ বজাৰ পৰা পিছদিনা পুৱা ৫ বজালৈ সান্ধ্য আইন। এই ১৬খন জিলা ক্ৰমে শিৱসাগৰ, ডিব্ৰুগড়, কোকৰাঝাৰ, বৰপেটা, নলবাৰী, বাগচা, বজালী, কৰিমগঞ্জ, কামৰূপ, দৰং, নগাঁও, হোজাই, তিনিচুকীয়া, ধেমাজি, কাচাৰ, কাৰ্বি আংলং।

ইয়াৰোপৰি কামৰূপ মহানগৰকে ধৰি ৰাজ্যৰ ধুবুৰী, দক্ষিণ শালমৰা, মাজুলী, বঙাইগাঁও, চিৰাং, ওদালগুৰি, পশ্চিম কাৰ্বি আংলং, ডিমা হাচাও, চৰাইদেউ আৰু হাইলাকান্দি মুঠ ১১খন জিলাত বিয়লি ৫ বজাৰ পৰা পিছদিনা পুৱা ৫ বজালৈ সান্ধ্য আইন।

ইফালে শিৱসাগৰ আৰু ডিব্ৰুগড়ত প্ৰশাসনৰ চোকা নজৰ থাকিব। আনহাতে ৰাজ্যত আন্তঃজিলা যাতায়ত সম্পূৰ্ণ ৰূপে বন্ধ থাকিব।

আজি এক সংবাদমেল যোগে এই ঘোষণা কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই।

Leave A Reply