Breaking

বিহালী মহাবিদ্যালয় শিক্ষক গোটৰ প্ৰশংসনীয় পদক্ষেপ

0 86

বিহালীৰ উচ্চ শিক্ষানুষ্ঠান ‘বিহালী  মহাবিদ্যালয়ৰ শিক্ষক গোটে বিভিন্ন সময়ত দুখীয়া ছাত্ৰ-ছাত্ৰীৰ মাজত অন্ন-বস্ত্ৰ প্ৰদান  কৰি  ছাত্ৰ-ছাত্ৰী সকলৰ শিক্ষা বিকাশৰ ক্ষেত্ৰখনত প্ৰেৰণা যোগাই  আহিছে । বৃহস্পতিবাৰে মহাবিদ্যালয় খনৰ শিক্ষক গোটৰ সভাপতি তথা অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড°টুনটুন বৰা’শিক্ষক গোটৰ  সম্পাদক অধ্যাপক ড°বিনুদ চুবেদী’অসমীয়া বিভাগৰ  অধ্যাপক ড°হেমন্ত বৰা” ,অধ্যাপক  ৰাজীব মহন্ত , চঞ্জিব কুমাৰ ছেত্রী, ড মিতালী দাস, ড বৰ্ণালী মহন্ত, ড মধুস্মিতা চৌধুৰী , জয়ন্ত হাজৰিকা, নকুল কালন্দী , উপেন ভুমিজ আধাৰ  কালন্দী  , ড গুণজিৎ কলিতা, সুনিল দাস, মুকুল হাজৰিকা, ৰবিন গোস্বামী আদিৰ নেতৃত্বত দক্ষিণ মৰাণ গাওঁ প্ৰাৰ্থমিক বিদ্যালয়ত এখন সজাগতা সভা অনুষ্ঠিত কৰি ছাত্ৰ-ছাত্ৰীৰ মাজত বস্ত্ৰ বিতৰণ কৰা হয় ।

বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী থানেশ্বৰী কুৰ্মী গঞ্জু  শিক্ষক মুনিন বৰাৰ লগতে বৰগাং অঞ্চলৰ বিশিষ্ট সমাজ কৰ্মী প্ৰেমলাল গঞ্জুৰ উপস্থিতিত সভাখন অনুষ্ঠিত হয় ।ড°টুনটুন বৰাই আতঁ ধৰা সভাখনত  অধ্যাপক সকলৰ লগতে সমাজ কৰ্মী প্ৰেমলাল গঞ্জু ‘সাংবাদিক খগেন মটক আদিয়ে বক্তব্য ৰাখে ।ভবিষ্যতে বিহালীৰ সীমামূৰীয়া অঞ্চলত এই কাৰ্যসূচী গ্ৰহণ কৰা হব বুলি জানিবলৈ দিছে ।

Leave A Reply