বিহালীত জিলা ভিত্তিক সমল ব্যক্তিৰ প্ৰশিক্ষণৰ সফল সামৰণি

বিশ্বনাথ জিলা সমগ্ৰ শিক্ষা আঁ‌চনিৰ অন্তৰ্গত জিনজিয়া মহাবীৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত যোৱা ১৮ জানুৱাৰীৰ পৰা চাৰিদিনীয়াকৈ অনুষ্ঠিত সমল  ব্যক্তিৰ এক প্ৰশিক্ষণ কাৰ্যসূচীৰ আজি সফল সামৰণি পৰে ।জিলা আঁ‌চনি বিষয়া বেদব্ৰত বৰাই পৰিচালনা কৰা প্ৰশিক্ষণ কাৰ্যসূচীত বিশ্বনাথৰ জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ অধ্যাপক দিলীপ শৰ্মা,বিশ্বনাথৰ   বিত্ত আৰু গাণনিক বিষয়া লক্ষীপ্ৰসাদ শইকীয়া, আৱাসিক বিদ্যালয় সমূহৰ জিলা আঁ‌চনি বিষয়া মনোজ গোহাঁই, খণ্ড সমল ব্যক্তি ক্ৰমে  চবিন চন্দ্ৰ লেখাৰু, উৎপল ভূঞা, হৃদয় বৈশ্য,  মধ্যাহ্ন ভোজনৰ আঁ‌চনি বিষয়া অসীম হাজৰিকাৰ লগতে মণ্ডল সমন্বয়ক ক্ৰমে নাৰায়ণ শৰ্মা, বিহালী খণ্ডৰ পলাশজ্যোতি দাস, বিশ্বনাথৰ অভিমন্যু দত্ত, উপূৰ্ব  শৰ্মা আদিয়ে প্ৰশিক্ষাৰ্থীক যাৱতীয় দিক্-নিৰ্দেশনা দি বিস্তৃতভাৱে আলোচনা আগবঢ়ায় ।

উল্লেখযোগ্য যে, সমল ব্যক্তিৰ প্ৰশিক্ষণৰ পাছত মণ্ডল পৰ্যায়ত তিনিদিনীয়াকৈ বিদ্যালয় পৰিচালনা সমিতিৰ সদস্য সকলৰ প্ৰশিক্ষণ অনুষ্ঠিত  কৰিব লাগিব ।আজি সামৰণি অনুষ্ঠানত  বেদব্ৰত বৰাই প্ৰতিগৰাকী বিষয়া আৰু খণ্ড আৰু মণ্ডল কেন্দ্ৰৰ ব্যক্তি সকলক একোখনকৈ গামোছাৰে আদৰণি জনায় ।একে কাৰ্যসূচীতে জিনজিয়া মহাবীৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ আৰু উপাধক্ষ্যকো আদৰণি জনোৱা হয় ।প্ৰশিক্ষণত প্ৰায় দুশৰোধিক শিক্ষকে সমল ব্যক্তি হিচাপে অংশ গ্ৰহণ কৰে ।উল্লেখ্য যে, প্ৰশিক্ষণৰ সামৰণি অনুষ্ঠানত বেদব্ৰত বৰাৰ পৰিকল্পনাৰে, শিল্পী দিবাকৰ বৰাই পৰিচালনা কৰা ‘সংকল্প যাত্ৰা’ শীৰ্ষক এটি গীতৰো শুভ উন্মোচন কৰা হয় ।

Related Articles