Breaking

বিহামপুৰ পশুপালন কেন্দ্ৰ সম্পূর্ণ পশু চিকিৎসালয়লৈ উন্নতিকৰণৰ বাবে আছুৰ স্মাৰক পত্র প্রদান

0 1,523

পশ্চিম   নলবাৰী অঞ্চলৰ  ধর্মপুৰ সমষ্টিৰ  বিহামপুৰত  থকা পশু চিকিৎসা কেন্দ্ৰটোৰ দুৰৱস্হাই সম্প্ৰতি ৰাইজৰ চকু কপালত উঠিছে।  ১৯৮৫ চনতে স্থাপিত  হৈছিল উক্ত  পশুচিকিৎসা কেন্দ্ৰটো ৷  পৰিতাপৰ বিষয় যে সুদীর্ঘ প্রায় পয়ত্ৰিছ বছৰে তাৰ উন্নতিৰ বাবে   আজিলৈকে কোনো এখন চৰকাৰৰ চকুত নপৰিল ৷  কেন্দ্ৰটোত আন্তঃগাঁঠনি বুলিবলৈ একোৱে নাই ৷বর্তমান কার্য্যালয় গৃহটো জহিখহি গৈছে ৷ নাই কোনো পানীৰ ব্যৱস্থা,কোনোবা কর্মচাৰীৰ যদি এটুপি পানী খাবলৈ মন যাই তেতিয়া হলে ওচৰৰ মানুহৰ ঘৰত গৈ পানী খাব লাগে ৷ ইফালে নাই কোনো বিদ্যুৎ সংযোগ ,নাই কোনো চাৰিও দিশৰ পকীবেৰ ৷যেন মৰিশালি  সদৃশ পৰিবেশ  ৷ কেন্দ্ৰটোৰ   কর্মচাৰীয়ে বহু কষ্ট কৰি  ৰাইজৰ পশুধনৰ সেৱা কৰি থাকিব লগা হৈছে।  গতিকে অতি সোন কালে অঞ্চলটোৰ ৰাইজৰ পশুধনৰ সুবিধার্থে পশুচিকিৎসা কেন্দ্ৰটো বিভিন্ন সুবিধা সমুহ  কৰি পশুচিকিৎসাৰ পৰিবর্তে পশুচিকিৎসালয়লৈ  উত্তৰন ঘটাই সকলো সুবিধা কৰি উন্নতি সাধন কৰাৰ বাবে পশ্চিম নলবাৰী আঞ্চলিক ছাত্র সন্থাৰ সভাপতি সুভাষ বর্মন আৰু সম্পাদক প্রাণজিত ঠাকুৰীয়াৰ স্বাক্ষৰ যুক্ত এখন স্মাৰক পত্র প্রদান কৰে ধর্মপুৰ বিধান সভা সমষ্টিৰ স্থানীয় বিধায়ক তথা পৰিবহন মন্ৰী চন্দ্ৰমোহন পাটোৱাৰী ,কৃষি ও পশুপালন মন্ৰী,লগতে জিলা পশুপালন বিষয়ালৈ স্মাৰক পত্র প্রদান কৰে পশ্চিম নলবাৰী ৰাজহ চক্র বিষয়া বার্বী হাজৰিকা আৰু বেদান্ত বৰুৱাৰ জৰিয়তে ৷স্বাৰক পত্র প্রদান কৰাৰ সময়ত উপস্থিত থাকে পশ্চিম নলবাৰী আঞ্চলিক সমিতিৰ সভাপতি,  সুভাষ  বৰ্মণ  সম্পাদক ,প্রাণজিত ঠাকুৰীয়া ,উপ:সভাপতি দেৱজিত শর্মা,সহঃসাধাৰন সম্পাদক নয়নজ্যোতি বর্মন,মূখ্য সাংগঠনিক সম্পাদক চাহিদুল আলম  ৷

Leave A Reply