Breaking

বিহাৰ নিৰ্বাচন, প্ৰথম পৰ্যায়ত ১০৬৬ গৰাকী প্ৰাৰ্থীৰ ভাগ্য পৰীক্ষা

0 112

দৈনন্দিন বাৰ্তা সেৱাঃ বুধবাৰে বিহাৰত অনুষ্ঠিত হ’ব প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ লগতে দেশৰ বিভিন্ন হাইপ্ৰফাইল নেতা-মন্ত্ৰীয়ে নিৰ্বাচনী প্ৰচাৰত অংশ লোৱা বিহাৰ বিধানসভা নিৰ্বাচনৰ সোমবাৰে প্ৰথম পৰ্যায়ৰ প্ৰচাৰৰ অন্ত পৰে।

বিহাৰৰ মুঠ ৬ খন জিলাত অন্তৰ্ভুক্ত ৭১ টা সমষ্টিত হ’ব লগীয়া বিহাৰৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত অৱতীৰ্ন হ’ব ১০৬৬ গৰাকী প্ৰাৰ্থী। প্ৰথম পৰ্যায়ত প্ৰতিদন্দিতা আগবঢ়োৱা প্ৰাৰ্থী সকলৰ ভিতৰত ৯৫২ গৰাকীৰ পুৰুষ আৰু ১১৪ গৰাকী মহিলা প্ৰাৰ্থী আছে।

বিহাৰৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত আৰজেদিয়ে ৪১ টা সমষ্টিত, জেদিইউ ৪১ টা সমষ্টিত, বিজেপি ২৯ সমষ্টিত, কংগ্ৰেছ ২১ টা সমষ্টিত আৰু লোক জনশক্তি দলে ৪১ টা সমষ্টিত অৱতীৰ্ণ হ’ব।

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত সৰ্বমুঠ ২,১৪,৬,৯৬০ গৰাকী ভোটাৰে ১০৬৬ জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্নয় কৰিব। বিহাৰত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ৩১ হাজাৰ ভোট কেন্দ্ৰ স্থাপন কৰা হৈছে।

Leave A Reply