Breaking

পুনৰ বিকৃত ৰূপত বিহু শিমলুগুৰিত বিহু সুৰক্ষা সমিতিৰ প্ৰতিবাদ

0 1,612

মালদ্বীপৰ ৰাষ্ট্ৰপতিৰ আগমনক কেন্দ্ৰ কৰি দিল্লীত অনুষ্ঠিত চৰকাৰী অনুষ্ঠানত পালাম বিমানবন্দৰত এচাম পাবত গজা আৰু লোক সংস্কৃতি বিহুৰ বিষয়ে নূন্যতম জ্ঞান নথকা অনুষ্ঠানে বিহুক পুনৰ বাৰ বিকৃত ৰূপে প্ৰদৰ্শন কৰা কাৰ্যক বিহু সুৰক্ষা সমিতি অসম,শিৱসাগৰ জিলা সমিতিয়ে তীব্ৰ ক্ষোভ প্ৰকাশ কৰাৰ লগতে ধিক্কাৰ দিছে৷

সমিতিয়ে অতি তৎকালেই ৰাজ্য চৰকাৰে এখন চেঞ্চৰ বোৰ্ড গঠন কৰি লোককৃষ্টি সুৰক্ষাৰ ক্ষেত্ৰত উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰৰ প্ৰতি বিনম্ৰ আহ্বান জনাইছে। এই ঘটনাৰ প্ৰতিবাদ জনাই সমিতিৰ সদস্যসকলে শিমলুগুৰিত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে৷

Leave A Reply