Breaking

বড়োলেণ্ডৰ বিজয়ে নিশ্চিত কৰিছে ২১ত বিজেপিৰ চৰকাৰ হ’ব’ : মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

0 2,052

কৰিমগঞ্জত অনুষ্ঠিত ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহকৰ সামৰণি ভাষণত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ  মন্তব্য ‘বিটিচিৰ নিৰ্বাচনে বিজেপিৰ অশ্বমেধ যজ্ঞ সম্পন্ন কৰিলে, বড়োলেণ্ডৰ বিজয়ে নিশ্চিত কৰিছে ২১ত বিজেপিৰ চৰকাৰ হ’ব’ । বিজেপিত আমি যোগ দিছিলো এটা লক্ষ্য উদ্দেশ্য লৈ, শাসনৰ বাঘজৰী হাতত ল’ম বুলি নহয়।”

জনতাক উদ্দেশ্যি কৰি মন্ত্ৰীগৰাকীৰ মন্তব্য, “২১ত মন্ত্ৰী, মুখ্যমন্ত্ৰী হোৱাৰ লক্ষ্য নহয়, ঔৰংজেৱক খেদিবলৈ একো একোজন লাচিত হোৱাৰ লক্ষ্য লওক।”

ভাষণত মুখ্যমন্ত্ৰীৰ কাৰ্যকালক প্ৰশংসা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। এই ৫ বছৰত প্ৰতিটো আঁচনিৰ কামেৰে সকলো পৰ্যায়ৰ লোকক সামৰি বিকাশৰ নতুন দিগন্ত কঢ়িয়াই অনাৰ কথাও উল্লেখ হিমন্ত বিশ্বৰ।

সভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে হিমন্তবিশ্ব শৰ্মা। প্ৰতীক হাজেলাৰ অহমিকাৰ বাবে NRC অসম্পূৰ্ণ হৈ থকাৰ কথা প্ৰকাশ। আনহাতে অসম চুক্তিৰ ৬নং দফাৰ জৰিয়তে জাতিটোৰ সুৰক্ষাৰ বাবে কাম কৰাৰ আশ্বাস। 

বদৰুদ্দিন আজমলক তীব্ৰ ভাৱে সমালোচনা কৰি হিমন্ত বিশ্বৰ মন্তব্য, “সন্ত্ৰাসবাদীৰ ধনেৰে আজমলে বুনিয়াদ ধ্বংস কৰিবলৈ বিচৰাৰ লগতে মিঞা সভ্যতাৰ কথাৰে জাতিটোক নতুন প্ৰত্যাহ্বান দিছে । ২০২১ৰ নিৰ্বাচনক আজমলৰ বিৰুদ্ধে নতুন সংগ্ৰাম হিচাপে ঘোষণা হিমন্ত বিশ্ব শৰ্মাৰ। সভ্যতা ৰক্ষাৰ বাবে যিদৰে লাচিতে ঔৰংজেৱক খেদিছিল, আজমলকো খেদিব লাগিব বুলি উল্লেখ মন্ত্ৰীগৰাকীৰ।

Leave A Reply