Breaking

আজি বিজয়া দশমী, ধৰা এৰি আজি দেৱী দুৰ্গাই গমন কৰিব

0 374

দৈনন্দিন বাৰ্তা সেৱাঃ মহামাৰী কোৰোনাৰ আতংকৰ মাজতে স্বাস্থ্য বিধি মানি জাক জমকতা অবিহনেই আধ্যাত্মিকতাক প্ৰাধান্য দি দেৱী দূৰ্গাৰ পূজা অনুষ্ঠিত কৰা হয়। কোৰোনাই ম্লান কৰা এইবাৰ পূজা সেমেকাই তুলিছে বৰষুণে। এইবাৰ মা দুৰ্গাৰ দোলাত ধৰালৈ আগমন হৈছিল আৰু দেৱী দুৰ্গাই গমন কৰিব হাতীৰে।

কোৰোনাৰ প্ৰতি লক্ষ্য ৰাখি দেশৰ লগতে ৰাজ্যৰ সকলো জিলাতে দুৰ্গাৰ বিৰ্সজনৰ বাবে প্ৰশাসনে যথেষ্ট সৰ্তকতা অৱলম্বন কৰা দেখা গৈছে। গুৱাহাটী মহানগৰ প্ৰশাসনে প্ৰতিখন পুজা সমিতিৰ পৰা মূৰ্তি বিসৰ্জনৰ বাবে কেৱল মাত্ৰ ১০ জন লোকহে যাব পাৰিব বুলি নিয়ম বান্ধি দিছে। আনহাতে সাজু হৈ উঠিছে আভ্যন্তৰিন জল পৰিবহন বিভাগ।

প্ৰতিখন পূজা সমিতিৰ প্ৰতিমা বিসৰ্জনত ৫ জনকৈ জল পৰিবহনৰ লোকে সহায় কৰিব বুলি জানিব পৰা গৈছে। মহানগৰীত দেৱী বিসৰ্জনৰ বাবে ৫ খন ঠাই বা বিসৰ্জন ঘাট সাজু কৰা হৈছে। তিনি দিনৰ বাবে এই ঘাট সমূহত কমিটি সমূহে দেৱীৰ প্ৰতিমা বিসৰ্জন দিব পাৰিব বুলি প্ৰশাসনে জানিবলৈ দিছে।

সেই ঘাট সমূহ ক্ৰমে- পাণ্ডু ঘাট, কাচমাৰী ঘাট, চুনচালী ঘাট, সাউকুছি ঘাট আৰু আজাৰা ঘাট। এইবাৰ দেৱী বিসৰ্জনৰ সময়ত সমিতি সমূহে কোনো ধৰনৰ শোভাযাত্ৰা কৰিব নোৱাৰিব। পূৱা ১০ বজাৰ পৰা ৬ বজালৈ এই ঘাট সমূহত দেৱী বিসৰ্জনৰ ব্যৱস্তা কৰা হৈছে।

Leave A Reply