Breaking

৩০ ডিচেম্বৰত বিজুলী ভৱন ঘেৰাও কৰিব বিদুৎ বিভাগৰ অস্থায়ী কৰ্মচাৰীয়ে : চাকৰি নিয়মীয়াকৰণৰ দাবী

0 1,220

জামুগুৰিহাট, ২৫ডিচেম্বৰ : অসম শক্তি খণ্ডত অস্থায়ী ভাৱে কৰ্মৰত একাংশ কৰ্মচাৰীৰ চাকৰি নিয়মীয়াকৰণ বাবে নিৰ্বাচিত হৈও আজি ১০ মাহে বিভাগে নিয়মীয়াকৰণ নকৰাৰ প্ৰতিবাদত অহা ৩০ ডিচেম্বৰত এই সকল অস্থায়ী কৰ্মচাৰীয়ে গুৱাহাটীৰ বিজুলী ভৱনত প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। উল্লেখ্য যে অসম শক্তি খণ্ডৰ এপিডিচিএল, এপিজিচিএল আৰু এজিচিএলতত  অস্থায়ী কৰ্মী হিচাপে কাম কৰা কৰ্মচাৰীৰ মাজৰ পৰা তথ্য ভিত্তিক ভাৱে পাঁচ বছৰৰ অভিজ্ঞতা সম্পন্ন কৰ্মচাৰী সকলৰ মাজত লিখিত পৰীক্ষা অনুষ্ঠিত কৰি ৬৯২ জন কাৰ্য্যলয় তথা ক্ষেত্ৰ সহায়ক আৰু ৩৪০ জনক সহায়ক হিচাপে বিভাগে নিয়মীয়াকৰণৰ বাবে  নিৰ্বাচিত কৰে আৰু পৰবৰ্তী সময়ত তেওঁলোকৰ নথি পত্ৰ পৰীক্ষণৰ কামো সম্পূৰ্ণ কৰে। কিন্তু ন্যায়ালয়ৰ স্থগিতাদেশৰ দোহাই দি যোৱা ১০ মাহে এই সকল অস্থায়ী কৰ্মচাৰীৰ চাকৰি বিভাগে নিয়মীয়াকৰণ নকৰাৰ ফলত এতিয়া গভীৰ অনিশ্চয়তাত ভুগিছে এইসকল কৰ্মচাৰী। ইয়াৰে বহু সংখ্যকৰে চাকৰিৰ বয়সৰ সীমা অতিক্ৰম হৈছে। সেয়েহে এই সকল নিয়মীয়াকৰণৰ বাবে নিৰ্বাচিত হৈ থকা কৰ্মচাৰীয়ে তেওঁলোকৰ চাকৰি শীঘ্ৰেই নিয়মীয়াকৰণৰ লগতে নিযুক্তি পত্ৰ দিব নোৱাৰালৈকে এক বিশেষ ব্যৱস্থাৰ জৰিয়তে নথিপত্ৰ পৰীক্ষণৰ পাছৰ পৰা পাৰিতোষিক প্ৰদানৰ দাবীৰে  অহা ৩০ ডিচেম্বৰত গুৱাহাটীৰ বিজুলী ভৱনত প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰিব। লগতে বিভাগৰ উৰ্দ্ধতন কৃৰ্তৃপক্ষৰ লগতে অসমৰ মুখ্যমন্ত্ৰীলৈও স্মাৰক পত্ৰ প্ৰদান কৰিব।

Leave A Reply