Breaking

চৰাইদেউৰ সাপেখাতীত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

0 76

চৰাইদেউৰ সাপেখাতীত বৃহস্পতিবাৰে উপস্থিত হ’লহি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা। ডিব্ৰুগড়ৰ মোহনবাৰী বিমান বন্দৰৰপৰা পোনে পোনে চৰাইদেউ জিলাৰ কলাকটা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত হেলিকপ্টাৰ অৱতৰণ কৰাৰ পাছতেই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে শ্ৰেণীকোঠা এৰি মুখ্যমন্ত্ৰীক স্ব চক্ষুৰে চাবলৈ ওলাই আহি মুখ্যমন্ত্ৰীক নৱবৰ্ষৰ শুভকামনা যাচে।

তাৰ পাছতেই মুখ্যমন্ত্ৰী গৰাকীয়ে পোনে পোনে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈৰ বিমলাপুৰৰ নগাহাট স্থিত বাসগৃহত উপস্থিত হয় মুখ্যমন্ত্ৰী শৰ্মা । যোৱা ১৮ নৱেম্বৰত সাংসদ তপন কুমাৰ গগৈৰ মাতৃ সৰুমাই গগৈৰ বিয়োগ হৈছিল ৷ বিয়োগ হোৱাৰ পাছত পোন প্ৰথম বাৰৰ বাৱে উপস্থিত হয় সাংসদ গৰাকীৰ বাসগৃহত ৷ সাংসদ গগৈৰ ঘৰত দলীয় কৰ্মীৰ লগত কিছু মত বিনিময় কৰাৰ লগতে স্থানীয় লোকৰ অভাৱ অভিযোগ সন্দৰ্ভত স্মাৰকপত্ৰ গ্ৰহণ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে । মুখ্যমন্ত্ৰীৰ সৈতে সংগ দিয়ে মন্ত্ৰী বিমল বৰা আৰু যোগেন মহনে ৷ লগতে উপস্থিত থাকে বিধায়ক ধৰ্মেশ্বৰ কোৱঁৰ ৷

Leave A Reply