Breaking

ধৰ্মৰ ভিত্তিত সংৰক্ষণত বিজেপিয়ে বিশ্বাস নকৰেঃ অমিত শ্বাহ….

0 12

গুৱাহাটীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সংবাদমেল

ধৰ্মৰ ভিত্তিত সংৰক্ষণত বিজেপিয়ে বিশ্বাস নকৰেঃ অমিত শ্বাহ
অসমলৈ নিৰ্বাচনী প্ৰচাৰৰ বাবে আহিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। সোমবাৰে বিশাল ৰোড শ্ব’ৰ পিছত গুৱাহাটীতে নিশাটো কটায় অমিত শ্বাহে। আজি অনুষ্ঠিত হৈছে অমিত শ্বাহৰ সংবাদমেল। গুৱাহাটীৰ ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত গৃহমন্ত্ৰী অমিত শ্বাহৰ সংবাদমেল অনুষ্ঠিত হৈছে। সংবাদমেলত অমিত শ্বাহে কয়, “দুটা পৰ্যায়ৰ নিৰ্বাচনত দেশত ১০০তকৈ বেছি আসন পাম। কৰ্ণাটক, তেলেংগানা, তামিলনাডু, কেৰালাত সমৰ্থন পাইছো। দক্ষিণ ভাৰততো বিজেপিৰ ফলাফল ভাল হ’ব। অসমত অতি কমেও ১২ খন আসন লাভ কৰিম। অসমত বিজেপিক লৈ জনতাৰ বিশ্বাস বৃদ্ধি হৈছে। ৪০০ পাৰ কৰাৰ লক্ষ্যৰে আমি কাষ চাপিছো। ৪০০ পাৰ হ’বই, এয়া আমাৰ লক্ষ্য।” সংবাদমেলত অমিত শ্বাহে কয়, “দুটা পৰ্যায়ৰ নিৰ্বাচনত দেশত ১০০তকৈ বেছি আসন পাম। কৰ্ণাটক, তেলেংগানা, তামিলনাডু, কেৰালাত সমৰ্থন পাইছো। দক্ষিণ ভাৰততো বিজেপিৰ ফলাফল ভাল হ’ব।

GUWAHATI, APR 30 UNI):- Union Home Minister Amit Shah addressing a press conference, in Guwahati on Tuesday. UNI PHOTO-7U

অসমত অতি কমেও ১২ খন আসন লাভ কৰিম। অসমত বিজেপিক লৈ জনতাৰ বিশ্বাস বৃদ্ধি হৈছে। ৪০০ পাৰ কৰাৰ লক্ষ্যৰে আমি কাষ চাপিছো। ৪০০ পাৰ হ’বই, এয়া আমাৰ লক্ষ্য।” শ্বাহে কয়- ২০১৪ আৰু ২০১৯ত জনতাই আমাক মৰম আৰু বিশ্বাস দিছে। এইবাৰো তাৰ ব্যতিক্ৰম নহয়। ৪০০পাৰ কৰিবই। এয়া আমাৰ বিশ্বাস। বিজেপি শাসনলৈ আহিলে সংবিধান সুৰক্ষিত থাকিব। ধৰ্মৰ ভিত্তিত সংৰক্ষণ পদ্ধতিত বিজেপিয়ে বিশ্বাস নকৰে বুলিও তেওঁ কয়। বিজেপি SC, ST, OBCৰ সমৰ্থক। বিজেপি শাসনলৈ আহিলে সংৰক্ষণ ব্যৱস্থা বিলুপ্ত কৰিব বুলি অপ্ৰচাৰ কৰিছে কংগ্ৰেছে। শ্বাহে কয় যে কংগ্ৰেছে ৰাইজৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰিছে। বিজেপিয়ে ৪০০ পাৰ নকৰিব বুলি কংগ্ৰেছে কৰা প্ৰচাৰক অপ্ৰচাৰ আখ্যা কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ। ৰাহুল গান্ধী আৰু কংগ্ৰেছৰ আত্মবিশ্বাসেই নাই।

সেয়েহে তেওঁলোকৰ নেতাই বেলেগ বেলেগ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰে। যোৱা দুটা পৰ্যায়ৰ নিৰ্বাচনত কংগ্ৰেছ বেকফুটত গৈছে। ৰাহুল-প্ৰিয়ংকাৰ নেতৃত্বত অতি নিম্নখাপৰ ৰাজনীতি হৈছে। তেওঁলোকে লেতেৰা ৰাজনীতি কৰিছে। তেওঁলোকে আমাৰ ভুৱা ভিডিঅ ভাইৰেল কৰি ভোট লোৱাৰ অপচেষ্টা কৰিছে। দক্ষিণ ভাৰতত বিজেপিৰ এইবাৰ ভাল ফলাফল হব। সমগ্ৰ ভাৰতত এতিয়ালৈকে হোৱা দুটা পৰ্যায়ৰ নিৰ্বাচনত বিজেপিয়ে ১০০খন আসন লাভ কৰাটো নিশ্চিত। বিজেপিয়ে ক্ষমতাৰ অপব্যৱহাৰ কৰা নাই আৰু নকৰে। কৰ্ণাটকত মুছলমানৰ বাবে চাৰি শতাংশ সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে। অসমত এতিয়া উন্নয়নৰ গংগা বৈছে বুলি কৈ শ্বাহে কয় যে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এতিয়া অসমত কেৱল প্ৰগতিৰ বতাহ বলিছে। অসমৰ ৰাইজে বিজেপিৰ আন্তৰিকতাৰে লৈছে। সেয়েহে বিগত ১০বছৰ ধৰি অসমত বিজেপি আৰু মিত্ৰজোঁটৰ চৰকাৰ চলি আছে।কেৰালা, কৰ্ণাটক, তেলেংগানাত লোকসভা নিৰ্বাচনৰ ফলাফল আগতকৈ বহু ভাল হব বুলিও তেওঁ কয়। সংখ্যালঘুক লৈ কংগ্ৰেছে সদায়েই ৰাজনীতি কৰে বুলি কৈ শ্বাহে প্ৰশ্ন কৰে- কংগ্ৰেছৰ সভাপতি পদটো সংখ্যালঘুক দিব পাৰিব নে?

Leave A Reply