Breaking

দেশৰ ১০০ কোটি ক’ভিড টীকাকৰণৰ সফল ৰূপায়ন উপলক্ষে চিকিৎসক,স্বাস্থ্য কৰ্মীক সম্বৰ্ধনা হাজো মণ্ডল বিজেপিৰ

0 2,022

হাজো মণ্ডল বিজেপিৰ উদ্যোগত হাজোৰ ভিণ্ণ প্ৰান্তত বিশেষকৈ হাজো বিষ্ণুৰাম মেধি সামূহিক স্বাহ্য কেন্দ্ৰ তথা উপ স্বাহ্য কেন্দ্ৰসমূহত চিকিৎসক স্বাস্থ্য কৰ্মী সকলক দেশৰ ১০০ কৌটি কভিদ টীকাকৰণৰ আজি সফল ৰূপায়ন উপলক্ষে ক’ভিড যোদ্ধাবৃন্দক সম্বৰ্ধনা জনাই।উল্লেখযোগ্য যে কভিদ মহামাৰী ৰোধ কৰিবলৈ বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ নেতৃত্বত ক’ভিড ভেকচিন প্ৰদানৰ ব্যৱস্থা কৰা হৈছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সবল নেতৃত্বত দেশৰ ১০০ কোটি জনতাই সম্পূৰ্ণ বিনামূলীয়া ক’ভিড ভেকচিন লাভ কৰিবলৈ সক্ষম হৈছে। যাৰ বাবে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ শ্ৰদ্ধা আৰু কৃতজ্ঞতা জনাই হাজো মণ্ডল বিজেপিৰ উদ্যোগত কোৰোণা ভেকচিনৰ লগত জড়িত চিকিৎসক, স্বাস্হ্যকৰ্মী সকলক সম্বৰ্ধণা জনোৱা হ’য়। শীৰ্ষক সম্বৰ্ধনা কাৰ্যসূচীত উপস্থিত থাকে হাজো মণ্ডল যুৱ মৰ্চা বিজেপিৰ প্ৰাক্তন সভাপতি ভাস্কৰ ভৰালী,বিজেপি কৰ্মী বজেন্দ্ৰ ভৰালী , ৰবিন্দ্ৰ নাথ দাসকে প্ৰমূখ্য কৰি হাজো মণ্ডল বিজেপিৰ প্ৰায়সংখক বিশিষ্ট গণ্য মান্য ব্যক্তি ।

Leave A Reply