Breaking

এছআই কেলেংকাৰীত অভিযুক্ত বিজেপি নেতা জিন্টু নাথক গ্ৰেপ্তাৰৰ পাছতে চাংসাৰিৰ এজন চৰকাৰী কৰ্মচাৰীক লৈ চলিছে ব্যাপক চৰ্চা

0 1,301

চাংসাৰি : এপিএছচি কেলেংকাৰীতকৈ অধিক ভয়াবহ হিচাপে পৰিগণিত হৈছে ৰাজ্য কপোৱা অসম আৰক্ষীৰ উপ–পৰিদর্শক কেলেংকাৰী। এই কেলেংকাৰীয়ে ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে মন্ত্ৰী হিমন্ত বিশ্বৰ সমষ্টি জালুকবাৰীৰ চাংসাৰিকো কপাই তুলিছে। এছ আই পদৰ পৰীক্ষাৰ প্রশ্নকাকত ফাদিলৰ ব্যাপক কেলেংকাৰিৰ ঘটনা চাংসাৰিতো সম্প্রসাৰিত হোৱাত এতিয়া ৰাজনৈতিক কিম্বা সচেতন মহলত তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ কিয়নো এছ আই কেলেংকাৰীৰ ঘটনাৰ সৈতে জড়িত হৈ পৰা সমষ্টিটোৰ এজন বিজেপি পালিনেতা তথা বেজেৰা মণ্ডলৰ উপ–সভাপতি হিচাপে নিযুক্ত চাংসাৰিৰ জিণ্টু নাথক শোণিতপুৰৰ জামুগুৰিহাটৰ পৰা আৰক্ষীয়ে এদিন পূৰ্বে গ্ৰেপ্তাৰ কৰাৰ পিছতে অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। উল্লেখ্য যে ৫ অক্টোবৰৰ নিশা চি আই ডিয়ে চাংসাৰি থানাৰ সহযোগত চাংসাৰিত অভিযান চলাই দুই পৰীক্ষার্থী মৃণাল কুমাৰ নাথ আৰু কাকুমণি নাথক গ্রেপ্তাৰ কৰিছিল ৷ পৰৱর্তী সময়ত আটকাধীন দুই পৰীক্ষার্থীৰ স্বীকাৰোক্তিৰ ভিত্তিত জিণ্টু নাথক বিচাৰি তেওঁৰ ঘৰত অভিযান চলায় যদিও সেই সময়ত তেওঁ ঘৰত নাছিল ৷ অৱশেষত নিজ শহুৰেকৰ ঘৰৰ পৰা গোপন সূত্ৰৰ পম খেদি জিন্টু নাথক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় চিআইডিয়ে। জানিব পৰা মতে, জিণ্টু নাথৰ লিংকৰ জৰিয়তে ভার্গৱ গ্রেণ্ডত ধৃত দুই প্রার্থী পৰীক্ষাত অৱতীর্ণ হোৱাৰ সুযোগ পাইছিল ৷ অৱশ্যে জিণ্টু নাথৰ লিংকত ধনৰ লেনদেন থকা আৰু কেইবাজনো পৰীক্ষার্থী আছে যদিও বর্তমান তেওঁলোক পলাতক হৈ আছে বুলি জানিব পৰা গৈছে ৷ ইপিনে, একাংশই অভিযোগ কৰা মতে, চি আই ডি তথা আৰক্ষীয়ে জিন্টু নাথেৰে বিজেপিৰ শীৰ্ষ পৰ্য্যায়ৰ নেতা মন্ত্ৰীৰ সম্পৰ্ক থকা বাবেই এছ আই কেলেংকাৰীত জড়িত জিন্টুৰ তদন্ত প্ৰক্ৰিয়া অতি লেহেমীয়া গতিত চলাইছে বুলি অভিযোগ তুলিছে। আনকি, চি আই ডিৰ তদন্তত পোহৰলৈ অহা জিন্টু নাথৰ সৈতে জড়িত হৈ থকা চাংসাৰিৰ কোন সেই চৰকাৰী চাকৰি কৰা ব্যক্তি, আজিলৈকে চি আই ডিয়ে কিয় ৰাজহুৱা কৰা নাই সেই ব্যক্তিৰ নাম বুলি প্ৰশ্ন কৰি চি আই ডি তথা আৰক্ষীৰ ভূমিকাক সন্দেহৰ দৃষ্টিৰে চাইছে একাংশ সচেতন ৰাইজে। ইয়াৰ উপৰিও এছ আই কেলেংকাৰীৰ সমান্তৰালকৈ ইতিমধ্যে হৈ যোৱা জল সিঞ্চনৰ এলডিএ চাকৰিৰ বাবেও চাংসাৰিত চাকৰিৰ বজাৰ এগৰাকী ৰাজ্যিক মন্ত্ৰীৰ একেবাৰে ঘনিষ্ঠই মেলি দিছিল বুলি সামাজিক মাধ্যমত ব্যপক চৰ্চা হৈছে। আনকি এটা চাকৰিৰ বাবদ ৯ লাখ পৰ্যন্ত কলা ধন লৈ এই চাকৰি সমূহ প্ৰদান কৰিব বুলিও অভিযোগ উত্থাপিত হৈছে বিভিন্ন মাধ্যমত আৰু এই সকলোবোৰ এছ আই কেলেংকাৰীত জড়িত হৈ থকা কিছু সংখ্যকে চলাই নিছিল বুলি বিভিন্নজনে অভিযোগ উত্থাপিত কৰিছে। যাৰবাবে এই ক্ষেত্ৰত সোণোৱাল চৰকাৰক ইয়াৰ ওপৰত তদন্তৰ জৰিয়তে শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ কৰিবলৈ সচেতন ৰাইজে দাবী উত্থাপন কৰিছে।

Leave A Reply