Breaking

লকডাউনৰ সুবিধা লৈ নাজিৰাত বি জে পি নেতাৰ অবৈধভাৱে ব্যৱসায়িক সন্থা গঠনৰ অপচেষ্টা : ক্ষুদ্ধ সৰু-বৰ ব্যৱসায়ী

0 71

নাজিৰা

 ক’ৰোনা মহামাৰীৰ ভয়াবহতাত আতঙ্কিত হৈ কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ দেশতে লকডাউন ঘোষণা কৰাৰ সময়তে অতি দৃষ্টিকটুভাৱে শাসনাধিষ্ঠিত বিজেপি দলৰ একাংশ নেতা পালিনেতাই নাজিৰা নগৰত গোপনে ব্যৱসায়িক সন্থা গঠন কৰাক লৈ সমগ্ৰ নগৰখনতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ উল্লেখ্য যে   নাজিৰাত কিছু বছৰৰ পূৰ্বে স্থানীয় সৰু বৰ ব্যৱসায়ীসকলক লৈ ৰাজহুৱাভাৱে এখন ব্যৱসায়িক সন্থা গঠন কৰা হৈছিল যদিও এই সমিতিখনৰ ম্যাদ উকলি যোৱাৰ পিছত তথা কোনো হিচাপ পত্ৰ নিদিয়াকৈ এই সমিতিখন নিস্ক্ৰিয় হৈ থকাত লকডাউনৰ সুযোগত শাসনাধিষ্ঠিত বিজিপি দলৰ হস্তক্ষেপত পূৰ্বৰ সমিতিখনৰ দুই এজন বিষয়ববীয়াক সাৰথি ৰূপে লৈ  নাজিৰাৰ অধিকাংশ ব্যৱসায়ীৰ অজ্ঞাতে গোপনে এখন নতুন ব্যৱসায়ী সন্থা গঠন কৰাকলৈ নগৰখনত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ আনহাতে এই সমিতিখনৰ নামত নগৰখনৰ সৰু বৰ ব্যৱসায়ীসকলৰ পৰা দুশ টকাকৈ সংগ্ৰহ কৰাকলৈও বহুতো ব্যৱসায়ীয়ে অসন্তুষ্টি ব্যক্ত কৰিছে যদিও আন বহুতে ভয়তে মুখ খোলা নাই৷ উল্লেখ্য যে এই লকডাউনৰ সময়ত চৰকাৰী নীতি নিয়ম অৱজ্ঞা কৰি শাসনাধিষ্ঠিত দলৰ দুজনমান নেতাই শিমলুগুৰিত শাক পাচলিৰ বজাৰ বহুৱাই ব্যৱসায়ীৰ পৰা অবৈধভাৱে টকা সংগ্ৰহ কাৰাৰ বাতৰি পৰিবেশন কৰাৰ বাবে নাজিৰাৰ দুজনমান সাংবাদিকো ভাবুকিৰ সন্মুখীন হ’বলগীয়া হৈছিল আৰু এনে নেতাৰ পৃষ্ঠপোষকতাতে নাজিৰাত অবৈধভাবে ব্যৱসায়ী সন্থা গঠন কৰি সৰু বৰ ব্যৱসায়ীৰ মাজত ৰাজনৈতিক বিভাজন আনিব বিচৰাটো দুৰ্ভাগ্যজনক৷

Leave A Reply